IPL ৰ জুৱাৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক। বাক্সাৰ গোৱৰ্দ্ধনাত আই পি এলৰ জুৱাৰ লগত জড়িত দুজন লোকক গ্ৰেপ্তাৰ।

ৰাজ্য চৰকাৰে অসম পৰা দালালৰাজ, মদ, ভাং, ড্ৰাগছ, জুৱা আদি নিৰ্মূল কৰি এখন স্বচ্ছ নিকা অসম গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু তেনে সময়তে প্ৰশাসনক কোনো কেৰেপ নকৰি আজিও এচামে অব্যাহত ৰাখিছে আইপিএলৰ নামত বৃহৎ জুৱা।

বাক্সা গোৱৰ্দ্ধনা আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই আইপিএল জুৱাৰ সৈতে জড়িত মাজিদুৰ ৰহমান নামৰ যুৱক এজনক আটক কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে, পূৰ্বে জাবেদ আলী নামৰ এজন লোকক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

পুনৰ একেটা গোচৰৰ ভিত্তিত গোৱৰ্দ্ধনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ তালুকদাৰে দুজন যুৱকক আটক কৰে।

গোৱৰ্দ্ধনা আৰক্ষী থানাত ১৯৩/২০২১ নম্বৰত গোচৰ ৰুজু কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে দুই যুৱকক।

চাওক সাপ্তাহিক ৰাশিফলঃ ২৬ ছেপ্টেম্বৰৰ পৰা ২ অক্টােবৰলৈ

Leave a Comment