INS ৰণবীৰত ভয়ংকৰ বিস্ফোৰণ, ৩ নৌসেনা শ্বহীদ, আহত ১১ জন

মুম্বাই নেভেল পোষ্টয়াৰ্ডত মঙলবাৰে বিয়লি ভাৰতীয় নৌ সেনাৰ ৰণবীৰ নামৰ ধ্বংসকাৰী জাহাজখনত সংঘটিত এক বিস্ফোৰণত ৩ জনকৈ নৌ সেনা জোৱান নিহত হয়।

এই বিস্ফোৰণত আন ১১ জন নৌসেনা জোৱান আৰু কৰ্মচাৰী আহত হোৱা বুলি জানিব পৰা গৈছে।

FJZc-N2-Mac-AENIMg

খবৰ অনুসৰি, মঙলবাৰে বিয়লি ৪.৩০ বজাত আইএনএছ ৰণবীৰৰ ভিতৰভাগত বিস্ফোৰণ সংঘটিত হয়।

ইফালে বিস্ফোৰণৰ পিছতে জাহাজখনৰ কৰ্মচাৰীসকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়। বিস্ফোৰণৰ ফলত জাহাজখন বেছি ক্ষতিগ্ৰস্ত হোৱা নাই বুলি ভাৰতীয় নৌ সেনাৰ এক সূত্ৰই সদৰী কৰিছে।

ইফালে এগৰাকী জ্যেষ্ঠ সামৰিক বিষয়াই জানিবলৈ দিয়া মতে, হতাহত নৌসেনা জোৱান কেইগৰাকীৰ পৰিচয় তেওঁলোকৰ পৰিয়ালক অৱগত কৰাৰ পিছতহে ৰাজহুৱা কৰা হব।

FJc-O2-WIag-AE7p-S0

ইয়াৰ পূৰ্বে, ২০১৩ চনৰ আগষ্টত মুম্বাই বন্দৰত আন এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল। সেই সময়ত, আইএনএছ সিন্ধুৰক্ষকত হোৱা বিস্ফোৰণত ১৮ জন নৌসেনাই প্ৰাণ হেৰুৱাইছিল আৰু চাবমেৰিনটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল।

বাতৰি অনুসৰি, ইষ্টাৰ্ণ নেভেল কমাণ্ডৰ আইএনএছ ৰণবীৰে ২০২১ চনৰ নৱেম্বৰৰ পৰা উপকূলীয় অঞ্চলত কাৰ্যকৰী ভাৱে নিয়োজিত হৈ আছিল আৰু বিস্ফোৰণ সংঘটিত হোৱাৰ অলপ পিছতে উপকূললৈ উভতি অহাৰ কথা আছিল। এই ক্ষেত্ৰত তদন্ত পৰিষদক নিৰ্দেশ দিয়া হৈছে।

FJc-O2mma-UAQj9h-R

জাহাজখন বেছি ক্ষতিগ্ৰস্ত হোৱা নাই বুলি জনা গৈছে। অৱশ্যে ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাটোত আন নৌ সেনা জোৱানও আহত হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ইয়াৰ পূৰ্বে ২০১৬ চনৰ জুন মাহত নৌ সেনাৰ বিমান বাহক বিক্ৰমাদিত্যত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়, যাৰ ফলত দুজন নৌসেনাৰ মৃত্যু হয়। গোৱাৰ ওচৰৰ কাৰৱাৰ নৌ সেনা ঘাটিত বিক্ৰমাদিত্যৰ পুনৰ উপযুক্ত কাম চলি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়৷

FJc-O1w-Sa-MAQU4-EI

এছটিপি নৰ্দমা প্ৰকল্পত বিষাক্ত গেছ লিকেজ হোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাটোত ২ জন লোক নিহত হৈছিল আৰু চাৰিজনক উদ্ধাৰ কৰা হৈছিল।

এপ্ৰিল ২০১৬ত, নৌসেনাৰ ডাইভিং জাহাজ আইএনএছ ইন্সপেক্টৰৰ হেলমেটৰ ভিতৰত এটা বটল বিস্ফোৰণ হয়, যাৰ ফলত এক গুৰুতৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত তিনিজন নৌসেনা আহত হয়।

লগতে চাওকঃ

শােকাৱহ! যাত্ৰাৰ প্ৰাক্ মুহূৰ্তত বিদ্যুৎস্পৃষ্ট হৈ ৰে’ল চালক শিৱ শইকীয়াৰ মৃত্যু

G1

Leave a Comment