চলিত বছৰৰ বাবে ভাৰত চৰকাৰে বাতিল কৰিছে হজ যাত্ৰা !

চলিত বছৰৰ বাবে ভাৰত চৰকাৰে বাতিল কৰিছে হজ যাত্ৰা !

June 23, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- চলিত বছৰৰ বাবে ভাৰত চৰকাৰে বাতিল কৰিছে হজ যাত্ৰা ।

এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ভাৰত চৰকাৰৰ সংখ্যালঘু উন্নয়ন তথা কল্যাণ দপ্তাৰৰ মন্ত্ৰী মুক্তাৰ আব্বাছ নাক্ভীয়ে ।

ভাৰতৰ প্ৰায় ২ লাখ ১৩ হাজাৰ লােকে চলিত বৰ্ষৰ হজযাত্ৰাৰ বাবে আবেবেদন জনাইছিল বুলি জানিব পৰা গৈছে।

হজ যাত্ৰাৰ বাবে যিসকল লোকে আবেদনৰ বাবে ধন জমা কৰিছিল তেওঁলোকৰ ধন ঘূৰাই দিয়া হ’ব বুলি সদৰি কৰা হৈছে ।

উল্লেখ্য যে, মঙলবাৰে ছৌদী আৰব চৰকাৰে ক’ৰনা সংক্ৰমণৰ বাবে হজ যাত্ৰা বিদেশী ৰাষ্ট্ৰৰ বাবে বাতিল কৰাৰ ঘােষণা কৰে ।

এই ঘােষণাৰ পৰিপ্ৰেক্ষিততে ভাৰত চৰকাৰে বাতিল কৰিছে হজ যাত্ৰা ।

উল্লেখ্য যে অসম তথা উত্তৰ-পূবৰ পৰা প্ৰায় ৫ হাজাৰ লােকে চলিত বছৰৰ হজ যাত্ৰা বাবে আবেদন কৰিছিল ।