সীমান্তৰ সুৰক্ষাত কৰ্তব্যৰত সৈনিকৰ পিতৃক হত্যা প্ৰতিবেশীৰ, কাৰণ ভূমি বিবাদ

সীমান্তৰ সুৰক্ষাত কৰ্তব্যৰত সৈনিকৰ পিতৃক হত্যা প্ৰতিবেশীৰ, কাৰণ ভূমি বিবাদ

July 24, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। এক মৰ্মান্তিক হত্যাকাণ্ড সংঘটিত হয় উত্তৰ প্ৰদেশৰ আমেথিৰ চকুলপুৰা গাঁৱত।

ৰাজেন্দ্ৰ মিশ্ৰ নামৰ ব্যক্তিজনক চুবুৰীৰ লোকে হত্যা কৰে বৰ্বৰতাৰে।

দেশৰ জনগণক ৰক্ষাৰ বাবে ভাৰতীয় সেনাত কৰ্মৰত জোৱানে বচাব নোৱাৰিলে পিতৃৰ জীৱন।

ভূমিকেন্দ্ৰীক বিবাদৰ বাবেই নিজৰ সন্মুখতেই হত্যা কৰিলে পিতৃক।

সূৰ্য প্ৰকাশ মিশ্ৰ

ইয়াৰোপৰি জোৱানজনৰ নবৌয়েককো বেয়াকৈ আক্ৰমণ কৰে হত্যাকাৰীয়ে।

ঘটনা অনুসৰি, দীৰ্ঘদিনীয়া এক ভূমি কেন্দ্ৰিক সংঘাতৰ বাবে নিজৰ ঘৰতে কাম কৰি থকা অৱস্থাত চুবুৰীৰ কেইজনমান লোকে আহি জোৱানজনৰ পিতৃক দা, লাঠি আদিৰে বেয়াকৈ প্ৰহাৰ কৰে। লগে লগে মৃত্যু হয় পিতৃৰ।

পিতৃৰ কৰা প্ৰহাৰ দেখি জোৱানজনৰ নবৌয়েকে বাধা দিবলৈ যায় লোকসকলক।

কিন্তু উদণ্ড লোকসকলে নবৌয়েককো বেয়াকৈ প্ৰহাৰ কৰে।

সংকটজনক অৱস্থাত নবৌয়েকক স্থানীয় চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও তেওঁ সংকটমুক্ত নহয়।

কিছুদিন আগত কৰ্তব্যৰ পৰা ঘৰলৈ অহা সূৰ্য্য প্ৰকাশ মিশ্ৰ নামৰ জোৱানজনে কান্দি কান্দি কয় মই দেশ ৰক্ষাৰ কাৰণে থাকো, কিন্তু ৰাখিব নোৱাৰিলো দেউতাক।

তেওঁক দেখা যায় তেজেৰে লুটুৰি পুতুৰি অৱস্থাত।

এই ঘটনাৰ লগে লগেই আৰক্ষী অধীক্ষক উপস্থিত হয় ঘটনাস্থলীত।

আৰক্ষী অধীক্ষক খ্যাতি গাৰ্গে কয় এই ঘটনাৰে জৰিত সকলোকে আটক কৰাৰ লগতে হত্যাকাৰীক কঠোৰ শাস্তি দিয়া হব।