Tue. Nov 24th, 2020
drone

ইন্টাৰনেশ্যনেল ডেস্ক। চীনৰ সৈতে সীমা বিবাদৰ মাজতে ভাৰত চৰকাৰে অচিৰেই ক্ৰয় কৰিব ইজৰাইলৰ অত্যাধুনিক হেৰােন ড্ৰােণ

লগতে ক্ৰয় কৰিব ইজৰাইলৰ শক্তিশালী স্পাইক এন্টি টেংক গাইডেড মিছাইল।

উল্লেখ্য যে ভাৰতৰ হাতত ইতিমধ্যে হেৰােন ড্ৰােণ (UAV) আছে যদিও নতুনকৈ অধিক সংখ্যক এনে ড্ৰােণ ক্ৰয়েৰে সেনা বাহিনীৰ ক্ষমতা বৃদ্ধিৰ যাে-জা চলাইছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

এই ড্ৰােণসমূহ ৩৫,০০০ ফুট উচ্চতাত একেৰাহে ৫২ ঘন্টালৈ উৰণ সম্পাদন কৰি নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত চােকা দৃষ্টি ৰাখিব পাৰে।

কেৱল নিৰীক্ষণৰ বাবে নহয়, এনে ড্ৰােণ ৰকেটৰে সজ্জিত কৰি শত্ৰুপক্ষৰ ওপৰত বিধ্বংসী তথা সুপৰিকল্পিত আক্ৰমণ চলােৱাও নিৰাপত্তা বাহিনীসমূহৰ বাবে সম্ভৱপৰ হ’ব।

ইয়াৰ লগতে বিদেশৰ পৰা এচল্ট ৰাইফল, স্পাইচ-২੦੦੦ বােমা, মিছাইল ইত্যাদি ক্ৰয় কৰিবলৈ বিভাগীয় প্ৰক্ৰিয়া অব্যাহত আছে।

gmch doctor