দেওবাৰে অনুষ্ঠিত হ’ব ভাৰত আৰু চীনৰ ক’ৰ কামাণ্ডাৰৰ পঞ্চম পৰ্যায়ৰ বৈঠক !

দেওবাৰে অনুষ্ঠিত হ’ব ভাৰত আৰু চীনৰ ক’ৰ কামাণ্ডাৰৰ পঞ্চম পৰ্যায়ৰ বৈঠক !

August 2, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- আজি অনুষ্ঠিত হ’ব ভাৰত আৰু চীনৰ ক’ৰ কামাণ্ডাৰৰ পঞ্চম পৰ্যায়ৰ বৈঠক ।

চীনৰ ম’ল্ড’ অঞ্চলত অনুষ্ঠিত হ’ব কামাণ্ডাৰ পৰ্যায়ৰ এই বৈঠক ।

পূৱ লাডাখৰ পেংগোগ অঞ্চলৰ পৰা চীনা সৈন্যৰ প্ৰত্যাৱৰ্তন প্ৰসঙ্গত আলোচনা কৰা হ’ব এই বৈঠকত ।

এল অ চিত ভাৰত-চীনৰ ক'ৰ কামাণ্ডাৰ বৈঠক... - Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal

ইয়াৰ আগতেও লাডাখৰ পৰা সেনা আঁতৰাই অনাকলৈ দুয়োখন দেশ মাজত হোৱা চতুৰ্থখন বৈঠক প্ৰায় ১৪ ঘন্টা পৰ্যন্ত অনুষ্ঠিত হৈছিল ।

কিন্তু উক্ত বৈঠক কেইখনত কোনো এটা সঠিক সিদ্ধান্তত উপনিত হ’ব পৰা নাছিল ।

আশা কৰা হৈছে আজি অৰ্থাৎ দেওবাৰৰ বৈঠকত দুয়ো দেশে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব ।