ক’ভিড আক্ৰান্ত ৰোগী কঢ়িওৱা এম্বুলেঞ্চেৰে নাগালেণ্ডৰ পৰা অসমলৈ সৰবৰাহ অবৈধ সুৰা !

ক’ভিড আক্ৰান্ত ৰোগী কঢ়িওৱা এম্বুলেঞ্চেৰে নাগালেণ্ডৰ পৰা অসমলৈ সৰবৰাহ অবৈধ সুৰা !

July 12, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ক’ভিড আক্ৰান্ত ৰোগী কঢ়িওৱা এম্বুলেঞ্চত উদ্ধাৰ সুৰাৰ বটল ।

শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ নাজিৰা বিহুবৰত নাগালেণ্ডৰ কভিড আক্ৰান্ত ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেঞ্চৰ জৰিয়তে নগা দুস্কৃতিকাৰীয়ে অবৈধ সুৰাৰ উপৰি বিভিন্ন সামগ্ৰীৰ বেহা ৰমৰমীয়াকৈ চলাই আহিছে ।

শিমলুগুৰি নাগালেণ্ড অভিমুখী আছিল কৰ’ণা ৰোগী কঢ়িওৱা এই এম্বুলেঞ্চখন ।

এম্বুলেঞ্চখনৰ নম্বৰ NL 10 8170 ।

উল্লেখযোগ্য যে কেইদিনমানৰ পূৰ্বে অসম নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰত শিল ব্যৱসায়ৰ লগত জড়িত থকা ১১ জনকৈ ব্যক্তিক নগা আৰক্ষী প্ৰশাসনে অসমৰ মাটিৰ পৰা মাৰপিট কৰি জোৰ জবৰদস্তি তুলি লৈ গৈছিল।

তাৰ প্ৰতিবাদতে বিহুবৰ বাসীয়ে এক পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ।

তেনে সময়তে অন্য দিনাৰ দৰে বিহুবৰ হৈ নাগালেণ্ডৰ নাগিনীমৰা লৈ অহা যোৱা কৰা এখন এম্বুলেঞ্চ ৰাইজৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ বাবে আৱদ্ধ হৈ পৰে ।

পিছে এম্বুলেঞ্চখনৰ চালকৰ গতিবিধিত কিছু সন্দেহ উপজাত কৌতুহল বশতঃ উক্ত এম্বুলেঞ্চখন ৰাইজে নিৰিক্ষণ কৰোতেই এই অবৈধ সুৰাৰ ব্যৱসায়ৰ কথাটো পোহৰলৈ আহে ।

অৱশেষত বিহুবৰ আৰক্ষীয়ে কৰ’ণা ৰোগী কঢ়িওৱা এম্বুলেঞ্চ গাড়ীসহ এম্বুলেঞ্চ চলোৱা চালকক আটক কৰিবলৈ সক্ষম হয় ।