
নিউজ ডেস্ক। এগৰাকী জ্যেষ্ঠ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া (IAS) ৰ ঘৰৰ পৰা জব্দ কৰা হ’ল ১২ কিলােগ্ৰাম সােণ।
পঞ্জাৱ আৰক্ষীৰ দুৰ্নীতি নিবাৰক বিভাগে সঞ্জয় পপলিৰ চণ্ডীগড় স্থিত ঘৰত চলায় এই অভিযান।
শনিবাৰে চলােৱা এই অভিযানত বিষয়াগৰাকীৰ ঘৰৰ পৰা ১২ কিলোগ্ৰাম সোণৰ উপৰি ৩ কিলোগ্ৰাম ৰূপ, ৪ টা এপল আইফোন আৰু দুটা চেমচাং স্মাৰ্টৱাচ জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটােৱে।

ইয়াৰ পিছতে দুৰ্নীতিৰ অভিযোগত আইএএছ বিষয়া সঞ্জয় পপলিক গ্ৰেপ্তাৰ কৰা হয়।
আনহাতে, এই অভিযানৰ সময়তে দুৰ্ভাগ্যক্ৰমে বিষয়াগৰাকীৰ পুত্ৰ কাৰ্তিক পপলিৰ মূৰত গুলী লাগি মৃত্যু হয়।
ইফালে, গ্ৰেপ্তাৰ হোৱা আইএএছ বিষয়াগৰাকীয়ে তেওঁৰ চকুৰ সন্মুখতে ভিজিলেন্সৰ দলটোৱে তেওঁৰ পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে।
The death of IAS Sanjay Popli's son is extremely tragic. The circumstances under which he suffered a gunshot to his head (some allege suicide) are equally tragic as raids on father were extensively publicized. Family blames Bhagwant Mann. This needs urgent redressal. pic.twitter.com/Kp2Dx1XA16
— Neha Chauhan (@nehajoychauhan) June 25, 2022
আইএএছ বিষয়াগৰাকীক ২০ জুনত নৱান চহৰত নৰ্দমা পাইপলাইন স্থাপনৰ বাবে নিবিদা মঞ্জুৰ কৰাৰ বাবে এক শতাংশ কমিছন হিচাপে ৭ লাখ টকা উৎকোচ দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।
তেওঁৰ সৈতে, তেওঁৰ সহযোগী সন্দীপ বাৎসকো জলন্ধৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
Big Breaking : IAS #SanjayPopli said My son was killed in front of me, I am an eyewitness of my son's death. Popli was brought to the Civil hospital for medical pic.twitter.com/JklEQfwkKS
— Gagandeep Singh (@Gagan4344) June 25, 2022
ইফালে আইএএছ বিষয়াগৰাকীৰ পুত্ৰ নিহত হোৱাৰ প্ৰসংগত আৰক্ষীয়ে কয় যে কাৰ্তিক পপলিয়ে নিজকে নিজে গুলিওৱাৰ ফলতহে মৃত্যু হৈছিল । কিন্তু ইয়াৰ বিপৰীতে তেওঁৰ পৰিয়ালে পুত্ৰক হত্যা কৰিছিল বুলিহে দাবী কৰিছিল।

কাৰ্তিক পপলিৰ মাতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, “তেওঁলোকে মোৰ সন্তানক অত্যাচাৰ কৰিছিল আৰু তাক হত্যা কৰিছিল। তেওঁলোকে প্ৰমাণৰ বাবে মোৰ ঘৰুৱা সহায়ককো অত্যাচাৰ কৰিছিল।মুখ্যমন্ত্ৰীৰ হেঁচাত ভিজিলেন্স আৰু আৰক্ষীয়ে জনসাধাৰণক মিছাতে দুৰ্ভোগ ভোগাই আছে।“
অৱশ্যে আৰক্ষীয়ে জনোৱা মতে দেউতাকৰ অনুজ্ঞাপ্ৰাপ্ত থকা পিষ্টলেৰে নিজকে মূৰত গুলী মৰাৰ ফলতেই আইএএছ গৰাকীৰ পুত্ৰৰ মৃত্যু ঘটে।