বায়ুসেনাই ব’য়িঙৰ পৰা লাভ কৰিলে ৩৭ টা হেলিকপ্টাৰ, বৃদ্ধি হ’ল শক্তি

বায়ুসেনাই ব’য়িঙৰ পৰা লাভ কৰিলে ৩৭ টা হেলিকপ্টাৰ, বৃদ্ধি হ’ল শক্তি

July 11, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। অৱশেষত ভাৰতে লাভ কৰিলে আমেৰিকাৰ অত্যাধুনিক যুদ্ধ বিমান।

পূৰ্বৰ চুক্তি অনুসৰিয়েই ব’য়িং কােম্পানীয়ে ভাৰতক গতালে ২২ খন এপাচে আৰু ১৫ খন চিনুক হেলিকপ্টাৰ।

উল্লেখ্য যে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কিছু বছৰৰ পৰা যুদ্ধ বিমান, মিছাইল বা আন আন যুদ্ধাস্ত্ৰ ক্ৰয়ত অধিক গুৰুত্ব দি আহিছে।

চীন আৰু পাকিস্তানৰ সীমাত যুদ্ধ সদৃশ পৰিৱেশ চলি থকাৰ মাজতে ভাৰতে লাভ কৰিছে এই অত্যাধুনিক হেলিকপ্টাৰ।

AH-64E Apache আৰু CH-47F(I) Chinook নামৰ হেলিকপ্টাৰ প্ৰদান কৰিছে Boeing নামৰ আমেৰিকাৰ হেলিকপ্টাৰ নিৰ্মাতা প্ৰতিষ্ঠানে।

ব’য়িং ডিফেঞ্চ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সুৰেন্দ্ৰ আহুজাই কয় ভাৰতে অত্যাধুনিক প্ৰযুক্তিগত আৰু নিজৰ অভিযানত সফল হ’ব পৰা হেলিকপ্টাৰ প্ৰদানেই আমাৰ মূল লক্ষ্য।

তাৰবাবে ভাৰতৰ লগত আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তি থাকিব।