HSত লেটাৰ নম্বৰ পোৱা সকলো ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব স্কুটীঃ মুখ্যমন্ত্ৰী

ওদালগুৰিত সৌৰ শক্তি প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ।

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সন্দৰ্ভতো বিশেষ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

এইবাৰ HSত লেটাৰ নম্বৰ পোৱা সকলো ল’ৰাই লাভ কৰিব স্কুটী।

প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰীয়ে লাভ কৰিব স্কুটী।

আনহাতে ৬ আগষ্টত মেট্ৰিকত ষ্টাৰ, লেটাৰ নম্বৰ পোৱা শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব ১৬ হাজাৰ টকাকৈ।

উল্লেখ্য যে, আনন্দৰাম বৰুৱা বঁটাৰ পৰীৱৰ্তে এইবাৰ ১৬ হাজাৰ টকাকৈ দিব চৰকাৰে।

আনহাতে দুৰ্গা পূজাৰ পূৰ্বে উচ্চতৰ মাধ্যমিকত লেটাৰ নম্বৰ পোৱা সকলো ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰীকে স্কুটী প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ।