ঘৰ সাজিলে কেমেৰাৰ আকৃতিৰ, ৩ পুত্ৰক নাম দিলে কেনন, নিকন আৰু এপচন!

ঘৰ সাজিলে কেমেৰাৰ আকৃতিৰ, ৩ পুত্ৰক নাম দিলে কেনন, নিকন আৰু এপচন!

July 15, 2020 0 By NEWS DESK

দিব্যজ্যােতি ৰাজখােৱা। কেমেৰাৰ প্ৰতি কিমান প্ৰেম থাকিলে এজন ব্যক্তিয়ে নিজৰ পুত্ৰৰ নাম ৰাখিব পাৰে কেমেৰা কোম্পানীৰ নামত, সাজিব পাৰে নিজৰ ঘৰ কেমেৰা আকৃতিৰ?

তেনে এক আজব ঘটনাই কম আপোনালোকক।

বেংগালুৰুৰ ৰবী সংগাল নামৰ ৪৯ বছৰীয়া ব্যক্তিজন পেছাত এজন ফটোগ্ৰাফাৰ।

কেমেৰাৰ প্ৰতি থকা দুৰ্বাৰ ভালপোৱাৰ বাবেই তেওঁ তিনি পুত্ৰৰ নাম ৰাখিলে ক্ৰমে কেণন(Canon), নিকন (Nikon), এপচন (Epson)।

তিনি পুত্ৰৰ বয়স এতিয়া ক্ৰমে ২০, ১৮ আৰু ১৩ বছৰ।

কেনন আৰু নিকন জনপ্ৰিয় কেমেৰা হোৱাৰ বিপৰীতে এপচন হল এক বিখ্যাত প্ৰিন্টাৰ।

এবাৰ তেওঁক জ্যেষ্ঠ পুত্ৰ কেননে তাৰ নাম কিয় কেমেৰাৰ নাম ৰাখিলে সোধাত ৰবিয়ে কয় এইয়া তেওঁ কেমেৰা ভালপোৱাৰ চিন।

ইমানতে তেওঁ কেমেৰাৰ প্ৰতি থকা তেওঁৰ ভালপোৱা প্ৰদৰ্শন সমাপ্ত নহ’ল।

এইবাৰ তেওঁ ৭১ লাখ টকা ব্যয়েৰে সম্পূৰ্ণ কেমেৰা আকৃতিৰে সাজি পেলালে তেওঁৰ আপোন ঘৰটো।

ঘৰটো সম্পূৰ্ণ কৰোঁতে তেওঁৰ সময় লাগিল আঢ়ৈ বছৰ। যিটো ঘৰ এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে সৰ্বত্ৰে চৰ্চা হৈছে।

ঘৰটোৰ বাহিৰ ভাগ দেখাৰ লগে লগেই আপুনি দেখিবলৈ পাব কেমেৰাৰ এখন ডাঙৰ লেন্স। বাৰণ্ডাত কেমেৰাৰ ৰীল আকৃতিৰ এডাল ৰেলিং দিছে।

শুৱনি কোঠাৰ খিৰিকী খন ৰাখিছে কেমেৰাৰ ফ্লাছ লাইটৰ দৰে। ঘৰটোৰ প্ৰতিখন খিৰিকীৰ গ্ৰীল ৰাখিছে কেমেৰা কোম্পানীৰ ল’গ’ সমূহৰ আকৃতিৰ দৰে।

মেমৰি কাৰ্ডৰ দৰে ৰাখিছে এখন খিৰিকী। ৰবীয়ে কেৱল ঘৰটোৰ আকৃতিয়েই কেমেৰা ৰখা নাই। ঘৰটোৰ ভিতৰ ভাগো সজাইছে কেমেৰাৰ বিভিন্ন অংগৰ আকৃতিৰে।

ৰবীয়ে ঘৰটোৰ প্ৰতিটো মহলাই তেওঁৰ তিনি পুত্ৰৰ পৰিচয় দিব বুলি কয়। সেইমতে প্ৰথম মহলাই এপছন প্ৰিন্টাৰৰ বিভিন্ন অংশক পৰিচিত কৰিছে।

দ্বিতীয় মহলাই নিকণ কেমেৰাৰ শৰীৰ টোক উপস্থাপন কৰিছে। আৰু তৃতীয় মহিলাই কেণন কেমেৰাৰ ফ্লাচ লাইটক উপস্থাপন কৰিছে।

বৰ্তমান ঘৰটোৰ সন্মুখত চেলফি লবলৈ বহুতো মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে বুলি ৰবীয়ে জনায়।