‘সত্যকাম ফুকনৰ নাম মই শুনাও নাই, চিনিও নাপাও; তেনেকুৱা কোনো চিকিত্সক-বিশেষজ্ঞ মোৰ দৃষ্টিত পৰা নাই !’

‘সত্যকাম ফুকনৰ নাম মই শুনাও নাই, চিনিও নাপাও; তেনেকুৱা কোনো চিকিত্সক-বিশেষজ্ঞ মোৰ দৃষ্টিত পৰা নাই !’

June 29, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- সত্যকাম ফুকনৰ নাম মই শুনাও নাই, চিনিও নাপাও; তেনেকুৱা কোনো চিকিত্সক-বিশেষজ্ঞ মোৰ দৃষ্টিত পৰা নাই ।

এই মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

কৰ’ণা ভাইৰাছক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰি অহা সত্যকাম ফুকন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মন্ত্ৰীগৰাকীয়ে কয়- ‘মই চিনিও নাপাও, তেনেকুৱা নাম মই শুনাই নাই, ইমান বছৰ ধৰি মই স্বাস্থ্য মন্ত্ৰী হৈ আছো । তেনেকুৱা কোনোবা চিকিত্সক-বিশেষজ্ঞ আছে মোৰ দৃষ্টিত পৰা নাই । তেওঁ যদি কিবা লিখিছে, তেওঁ WHOৰ লগত বিতৰ্ক কৰক। আমি এইবিলাক বুজি নাপাও ।’

‘তেওঁৰ যদি কিবা শৈক্ষিক বিতৰ্ক কৰিবলীয়া আছে, কৰ’ণাৰ ফলত ভাৰতত কিয় ইমান মানুহৰ মৃত্যু হৈছে, আমেৰিকাত কিয় ডেৰ লাখ মানুহৰ মৃত্যু হ’ল তাৰ ওপৰত তেওঁ এটা একাডেমীত বিশ্লেষণ আগবঢ়াই দিয়ক ।’

‘যিজন মানুহক মই চিনিয়েই নাপাও, তেওঁৰ বিষয়ে মই কি কম। মোৰ একো জ্ঞানে নাই তেওঁৰ বিষয়ে । মই ২০০৬ৰ পৰা স্বাস্থ্য মন্ত্ৰী, মই ড০ তপন শইকীয়াৰ নাম শুনিছো, সৰ্বেশ্বৰ চহৰীয়াৰ নাম শুনিছো, ৰানা পাটিৰৰ নাম শুনিছো । কিন্তু মই এই নামটো শুনাই নায় ।-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মার মন্তব্য ।