শ্ৰেণীকোঠাৰ বিপৰীতে মুকলি আকাশৰ তলত হ’ব এইকেইটা শ্ৰেণীৰ পাঠদান !

শ্ৰেণীকোঠাৰ বিপৰীতে মুকলি আকাশৰ তলত হ’ব এইকেইটা শ্ৰেণীৰ পাঠদান !

August 1, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- শিক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল ।

নতুন শিক্ষানীতি সন্দৰ্ভত শনিবাৰে এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি শিক্ষাবিভাগৰ কেবাটাও নতুন ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়- ‘ছাত্ৰ-ছাত্ৰী পূৰ্ণ মানৱ সম্পদলৈ ৰূপান্তৰ হ’ব । আমি অহা সপ্তাহৰে পৰা কাম আৰম্ভ কৰিম । এতিয়াৰে পৰা পঞ্চমমানলৈকে মাতৃভাষাতে হ’ব শিক্ষাদান ।

Services of some private hospitals court controversy; Health ...

১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা ।

কিন্তু শ্ৰেণীকেঠাত পাঠদানৰ সময়ত কেতবোৰ নিয়ম মানিব লাগিব শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলে ।

সেই অনুসৰি ৩১ আগষ্টৰ ভিতৰত শিক্ষক-কৰ্মচাৰীসকলে বাধ্যতামূলক কৰিব লাগিব কৰ’ণাৰ পৰীক্ষা।

চতুৰ্থ শ্ৰেণীৰ লৈকে ৰাজ্যত ছেপ্তেম্বৰ মাহটোতো বন্ধ থাকিব বিদ্যালয় ।

আনহাতে, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীৰ লৈকে শ্ৰেণীকোঠাৰ বিপৰীতে মুকলি আকাশৰ তলত হব পাঠদান ।

নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান হ’ব শ্ৰেণীকোঠাতে ।

https://www.facebook.com/watch/?v=2653006701624875

দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত ৪ দিনকৈ হ’ব বিদ্যালয়তে ।

এটা কোঠাত বহিব নোৱাৰিব ১৫জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী ।

চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত এই নীতি ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে ।