‘Hate My Life’- চুইচাইড নোট লিখি নিজৰ জীৱন শেষ কৰিলে কটন বিশ্বঃবিঃৰ বিজ্ঞান শাখাৰ ছাত্ৰী অজন্তাই…

এক শোকাৱহ ঘটনা।

চুইচাইড নোট লিখি নিজৰ জীৱন শেষ কৰিলে কটন বিশ্বঃবিঃৰ বিজ্ঞান শাখাৰ পঞ্চম ষাণ্মাসিকৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে।

গোৰেশ্বৰৰ ২ নং গোৰেশ্বৰ (পদোপাৰা)গাঁৱৰ অজন্তা বড়ো (২১) নামৰ মেধাৱী ছাত্ৰীগৰাকীৰ আত্মহনন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মনোৰঞ্জন বড়ো আৰু অঞ্চালি বড়োৰ একমাত্র কন্যা অজন্তাই ২০১৬ চনত গোৰেশ্বৰৰ এখন বড়ো মাধ্যমৰ বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিকত ৯৩ শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছিল।

ছাত্ৰীগৰাকীৰ মেধাৰ প্ৰতি লক্ষ্য ৰাখি এবছুৱে বৰমাৰ এখন শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিকলৈ পঢ়োৱাৰ সুবিধা কৰি দিয়াৰ লগতে সকলো খৰচ বহন কৰিছিল। উচ্চত মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাতো তেওঁ ৮৩ শতাংশ নম্বৰ লাভ কৰিছিল।

ইয়াৰ পিচত পিতৃয়ে উচ্চ শিক্ষাৰ বাবে কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাই দিছিল অজন্তাক। জানিব পৰামতে বিজ্ঞান শাখাৰ পঞ্চম যাত্মাসিকৰ ছাত্ৰী আছিল অজন্তা।

কিন্তু কিছু অসুস্থতাত বাবে গণিত বিষয়ত মেজৰ লৈ অধ্যয়ন কৰা ছাত্ৰীগৰাকীক পিতৃয়ে দুদিন পূৰ্বে হোষ্টেলৰ পৰা নিজ ঘৰলৈ লৈ আনিছিল।

জানিব পৰামতে ছাত্ৰীগৰাকীয়ে বি এছ চি পঢ়ি থকাৰ উপৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষা দিবলৈ কোচিঙো কৰি আছিল। সদ্য ঘোষিত অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বিভাগৰ চাকৰিৰ বাছনি পৰীক্ষাতো উত্তীৰ্ণ হৈছিল অজন্তাই।

ওচৰ চুবুৰীয়াৰ পৰা জানিবলৈ দিয়া মতে, পুৱা অজন্তাৰ পিতৃ কিবা কামত কোকৰাঝাৰলৈ যায়। ঘৰত ছাত্ৰীগৰাকী আৰু তেওঁৰ মাতৃ থাকে। দুপৰীয়া সময়ত অজন্তাই মাকক গোৰেশ্বৰ নগৰলৈ যাবলৈ দিয়াৰ লগতে তেওঁৰ বাবে দখনা আনিবলৈ দিয়ে। একমাত্র কন্যাৰ কথা পেলাব নোৱাৰি মাতৃয়ে গোৰেশ্বৰ টাউনলৈ বজাৰ কৰিবলৈ যায়।

মাতৃয়ে বজাৰলৈ ওলাই অহাৰ সময়তে অজন্তাই শোৱনি কোঠাৰ চিলিংতে চিপ লৈ আত্মহত্যা কৰে।

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে।

ইফালে ছাত্ৰীগৰাকীৰ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। চুইচাইড নোটখন ইংৰাজী আৰু বড়ো ভাষাত লিখা আছে। আৰক্ষীয়ে চুইচাইড নোটখন বাজেয়াপ্ত কৰিছে।

নোটত লিখা কেইশাৰীমান বাক্য হৈছে- Hate my life, I hate my life so much’, ‘My family economical problem is very bad’।

অজন্তাৰ মৃত্যুত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।