পৰীক্ষাৰ বাবে ১২০০ শিক্ষাৰ্থীয়ে দাখিল কৰা তথ্য চুৰি কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল

পৰীক্ষাৰ বাবে ১২০০ শিক্ষাৰ্থীয়ে দাখিল কৰা তথ্য চুৰি কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল

July 31, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। এইবাৰ অনলাইন হেকাৰৰ লক্ষ্য হৈ পৰিছে পৱিত্ৰ শিক্ষানুষ্ঠান।

দেশৰ প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে বিশ্ববিদ্যালয় তথা অন্যান্য উচ্চ শিক্ষানুষ্ঠানৰ ৱেবচাইট।

কিছুদিন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট হেকাৰৰ কবলত পৰাৰ পাছত এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে গুজৰাটত।

গুজৰাট প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ (GTU) ৱেবচাইট বৃহস্পতিবাৰে হেক কৰে হেকাৰে।

প্ৰায় ১২০০ ইঞ্জিনিয়াৰিঙৰ স্নাতক পৰ্যায়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ তথ্য ৰাজহুৱা কৰে হেকাৰে।

ছাত্ৰ ছাত্ৰীৰ ফটো, পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডৰ তথ্য প্ৰকাশ পায় এটা ৱেবছাইটত।

GTU এ এই সন্দৰ্ভত আহমেদাবাদ আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাত এটা গোচৰ দিছে।

আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

GTU ৰ ৮ম চেমিষ্টাৰৰ শিক্ষাৰ্থী সকলে পৰীক্ষাৰ বাবে আপলোড কৰা নথিসমূহ তাৰ এদিনৰ পিছতে হেকাৰে বিয়পাই দিয়ে ইণ্টাৰনেট আৰু সামাজিক মাধ্যমত।

Cyber Attack Crime

উল্লেখ্য যে শিক্ষানুষ্ঠান খনে আৰক্ষীক গোচৰ দিয়াৰ পিছতেই লক্ষণীয় ভাৱে হেকাৰে আৰু নথি ইণ্টাৰনেটত বিয়পোৱা কাৰ্য বন্ধ কৰে।

অৱশ্যে হেকাৰে শিক্ষাৰ্থীৰ ব্যক্তিগত তথ্যহে বিয়পায়।

তাৰ পৰিৱৰ্তে অনলাইন পৰীক্ষা সংক্ৰান্তীয় কোনো তথ্য অৰ্থাৎ প্ৰশ্ন কাকত সম্বন্ধীয় কোনো তথ্য বিয়পাব পৰা নাই বুলিও কয় উপাচাৰ্য নবীন শেঠে।