মৰ্মান্তিক ঘটনা ! বিয়াৰ দুদিন পিছতে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হ’ল দৰাৰ…

মৰ্মান্তিক ঘটনা ! বিয়াৰ দুদিন পিছতে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হ’ল দৰাৰ…

June 30, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- এক মৰ্মান্তিক ঘটনা !

 মাৰাত্মক কৰ’ণাত আক্ৰান্ত হৈ বিয়াৰ দুদিন পিছতে মৃত্যু হ’ল দৰাৰ ।

আনহাতে বিয়া খাবলৈ আহি কৰ’ণাত সংক্ৰমিত হ’ল ১০০জন লোক ।

উল্লেখ্য যে, যোৱা ১৫ জুনত সম্পন্ন হৈছিল বিয়াখন ।

কৰ’ণাৰ অতিপাত সংক্ৰমণৰ মাজতে বিহাৰৰ পালিগঞ্জত অনুষ্ঠিত হৈছিল এখন বিয়া ।

শেহতীয়াকৈ উক্ত বিয়াখনে এতিয়া বিহাৰ প্ৰশাসনক বাবে মুৰৰ কামুৰণি হৈ পৰিছে ।

জিলা প্ৰশাসনে সদৰি কৰা অনুসৰি, বিয়াত সমবেত হোৱা ৩১গৰাকী লোকৰ দেহত পূৰ্বৰে পৰা কৰ’ণাৰ অৱস্থিতি আছিল । আৰু বিয়াখনত একলোগ হোৱাৰ পাছত পুনৰ ৮৯গৰাকীৰ দেহলৈ সংক্ৰমিত হয় কৰ’ণা ।

উল্লেখ্য যে, বিয়াখনৰ পিছত প্ৰায় ৩৫০জন লোকৰ নমুনা পৰীক্ষা কৰা হয় ।

পৰীক্ষা কৰা হয় বিয়ালৈ অহা বৰযাত্ৰী আৰু আত্মীয়সকলৰ লগতে উপস্থিত থকা ফটোগ্ৰাফাৰ, মিঠাই প্ৰস্তুতকাৰী, খাদ্যবস্তু যোগানকাৰী সকলৰ ।

জানিব পৰা মতে বিয়াৰ দ্বিতীয় দিনা দিল্লীৰ পৰা ওভতা দৰাৰ পেটৰ বিষ হয় ।

আৰু অৱশেষত হাস্পতালত মৃত্যু হয় দৰাৰ ।