GMCHৰ বিছনাত মৃত্যুৰ সৈতে যুঁজিছে মাইনা নায়কে, উন্নত চিকিৎসাৰ দাবী দল-সংগঠনৰ…

GMCHৰ বিছনাত মৃত্যুৰ সৈতে যুঁজি আছে মাইনা নায়ক নামৰ ২৪ বছৰীয়া যুৱতীগৰাকীয়ে।

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মাইনা নায়ক কলঘৰৰ চিটিচি মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে চাহপাত শুকোৱা মেচিনত সোমাই পৰিছিল।

গুৰুতৰভাৱে আহত যুৱতীগৰাকীক লগে লগে AMCHলৈ নিয়া হৈছিল যদিও শল্য চিকিৎসক নথকাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।

যুৱতীগৰাকীক প্ৰয়োজন হৈছিল জৰুৰীকালীন উন্নত চিকিত্সাৰ কিন্তু সুদুৰ ডিব্ৰুগড়ৰ লেপেটকাটাৰ পৰা এখন সাধাৰণ এম্বুলেঞ্চত AMHCৰ পৰা GMHC লৈ অনা হ’ল মাইনাক।

maina nayak
GMCHৰ বিছনাত মৃত্যুৰ সৈতে যুঁজিছে মাইনা নায়কে, উন্নত চিকিৎসাৰ দাবী দল-সংগঠনৰ... 4

ইপিনে চিকিৎসাৰ ক্ষেত্ৰত মাইনা নায়কক বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰ প্ৰশাসনে অৱহেলা কৰাৰ অভিযোগ উঠিছে।

সম্প্ৰতি মাইনা নায়কৰ উন্নত চিকিৎসাৰ দাবীত সৰৱ হৈ উঠিছে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী।

উল্লেখ্য যে, লাওখোলা এৰা যোৱাৰ ফলত গুৰুতৰভাৱে আহত মইনা নায়কক এখন সাধাৰণ এম্বুলেঞ্চেৰে জিএমচিএইচলৈ অনা কাৰ্যকো সহজভাৱে ল’ব পৰা নাই বহুতে।

maina
GMCHৰ বিছনাত মৃত্যুৰ সৈতে যুঁজিছে মাইনা নায়কে, উন্নত চিকিৎসাৰ দাবী দল-সংগঠনৰ... 5

প্ৰশ্ন উঠিছে চাহ বাগানৰ কলঘৰত কাম কৰা শ্ৰমিক মইনা নায়কে জুবিনৰ দৰে কিয় উন্নত চিকিৎসা লাভ কৰা নাই? শ্ৰমিক বাবেই তেওঁক কৰবাত উপেক্ষা কৰা হৈছে নেকি? জুবিনৰ দৰে মইনা নায়কৰ বাবেও এখন এয়াৰ এম্বুলেঞ্চৰ প্ৰয়োজনৰ কথা সকলোৱে ভাৱিছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পাব জানো মইনা নায়কে উপযুক্ত চিকিৎসা?

সেয়েহে বিভিন্ন পক্ষৰ পৰা দাবী উঠিছে প্ৰয়োজনত জুবিনৰ দৰে মইনা নায়কৰ বাবেও এখন এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা কৰি বাহিৰলৈ নিয়া হওক উন্নত চিকিৎসাৰ বাবে।

লগতে চাওকঃ

জুবিন গাৰ্গ আৰু মইনা নায়কৰ মাজত কোনো পাৰ্থক্য নাই, এচামেহে দুয়োৰে মাজত পাৰ্থক্য বিচাৰি পাইছেঃ ভৱেশ কলিতা

photo1658399135
GMCHৰ বিছনাত মৃত্যুৰ সৈতে যুঁজিছে মাইনা নায়কে, উন্নত চিকিৎসাৰ দাবী দল-সংগঠনৰ... 6