GMCHত অব্যাহত আছে দালালৰাজ, এইবাৰ আৰক্ষীৰ জালত তেজৰ দালাল…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অব্যাহত আছে দালালৰাজ।
আৰক্ষীয়ে ইতিমধ্যে কেইবাটাও বিভিন্ন দালালক গ্ৰেপ্তাৰ কৰিছে যদিও “এইপর্যন্ত ৰোধ কৰিব পৰা নাই।
ইয়াৰ মাজতে দেওবাৰে নিশা ভঙাগড় আৰক্ষীৰ জালত পৰিছে এজন তেজৰ দালাল।
ধৃত দালালটো হাজোৰ ৰাহুল আলী (২২) বুলি জানিব পৰা গৈছে।
আৰক্ষী সূত্ৰই জনোৱামতে ধৃত দালালটোৱে প্ৰতিগৰাকী ৰোগীক তেজৰ যোগান ধৰাৰ বাবদ তিনি হেজাৰ টকাকৈ সংগ্ৰহ কৰিছিল।
আনহাতে ধৃত ৰাহুল আলীৰ লগত এটা বৃহৎ দালাল চক্রই জি এম চি এইচত দীৰ্ঘদিনৰ পৰা তেজ, আই চি ইউৰ বিছনা দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
দেওবাৰেও এগৰাকী ৰোগীৰ বাবে আত্মীয়ৰ পৰা ধৃত ৰাহুলে পইচা সংগ্ৰহ কৰাৰ পাচতো বহু সময় ধৰি তেজৰ যোগান নধৰাত ভুক্তভোগীজনে প্রথমে জি এম চি এইচ কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে।
পৰৱৰ্তী সময়ত কৰ্তৃপক্ষই ভঙাগড় আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত নিশাই আৰক্ষীয়ে দালাল ৰাহুল আলীক গ্ৰেপ্তাৰ কৰে।