GMCHত অপহৃত প্ৰিয়মৰ সন্ধানত অব্যাহত আৰক্ষীৰ অভিযান, ৰাজ্যৰ বাহিৰত থকাৰ তথ্য লাভ আৰক্ষীৰ

GMCHত অপহৃত প্ৰিয়মৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান।

যোৱা ১৩ এপ্ৰিলৰ পুৱা GMCHৰ পৰা অপহৰণ কৰা হৈছিল ৭মহীয়া কণমানি প্ৰিয়মক।

চিকিৎসাধীন অৱস্থাত থকা কণমানিটোক এগৰা়কী মহিলাই অপহৰণ কৰি নিয়াৰ দৃশ্য বন্দী হৈছিল CCTV কেমেৰাত।

ইতিমধ্যে মহানগৰৰ ক্ৰাইম বাঞ্চে সংবাদমাধ্যমৰ আগত অপহৰণকাৰী মহিলাগৰাকীৰ ফটো ৰাজহুৱা কৰিছিল।

জানিব পৰা মতে, কণমানিটোক অপহৰণ কৰিয়ে বিক্ৰী কৰি দিছিল শুৱালকুছিৰ এটা পৰিয়ালক৷

ইয়াৰ পিছতে শিশুটি ক্ৰয় কৰাৰ কথা অচিনাক্ত এগৰাকী মহিলাই খবৰ দিছিল প্ৰিয়মৰ পিতৃ-মাতৃক৷ সেই অনুসৰি পিতৃ মাতৃয়ে অৱগত কৰিছিল আৰক্ষীক।

আৰক্ষীয়ে অভিযান চলাই মানে দম্পতীটোৱে চিকিৎসাৰ বাবে উৰা মাৰিছিল চেন্নাইলৈ৷ লগত লৈ গৈছিল শিশুটিৰ লগতে অপহৰণ কৰি নিয়া মহিলাগৰাকীক৷

মহানগৰ ক্ৰাইম বাঞ্চে চেন্নাই আৰক্ষীৰে যোগাযোগ কৰি সোমবাৰে নিশা এখন হোটেলত অভিযান চলাই।

অৱশ্যে এই অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল শিশুটো৷

শীঘ্ৰেই শিশুটি উদ্ধাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Leave a Comment