GMC নিৰ্বাচনঃ ১৩ নং ৱাৰ্ডত অগপ(AGP)ৰ প্ৰাৰ্থী পূৰৱী তালুকদাৰৰ জয়লাভ…

২২ এপ্ৰিলত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগণনা।
পুৱা ৮ বজাৰ পৰা মহানগৰীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত স্থাপন কৰা গণনা কক্ষত আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া।
মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি।
GMC নিৰ্বাচনত প্ৰথমবাৰলৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা আম আদমী পাৰ্টীলৈও আহিছে আশাৰ খবৰ।
শেহতীয়া তথ্য অনুসৰি ১৩ নং ৱাৰ্ডত জয়লাভ কৰিছে অগপৰ প্ৰাৰ্থী।
১৩ নং ৱাৰ্ডত অগপ(AGP)ৰ প্ৰাৰ্থী পূৰৱী তালুকদাৰৰ জয়লাভ।
উল্লেখ্য যে, ৫৭ টা ৱাৰ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।
তাৰ ভিতৰত বিজেপিৰ ৫০ গৰাকী, কংগ্ৰেছৰ ৫৪ গৰাকী, অসম গণ পৰিষদৰ ৭ গৰাকী, AAPৰ ৩৮ গৰাকী, অসম জাতীয় পৰিষদৰ ২৫ গৰাকী, CPIMৰ ৪ গৰাকী আৰু নিৰ্দলীয়সহ অন্যান্য দলৰ প্ৰাৰ্থী আছে ১৯ গৰাকী।
৯ বছৰৰ মূৰত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰথমবাৰৰ বাবে ই ভি এম ব্যৱহাৰ হৈছে।