অসম

GMC নিৰ্বাচনঃ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ বিজেপিৰ, এইপৰ্যন্ত খাতা খুলিব পৰা নাই কংগ্ৰেছে…

২২ এপ্ৰিলত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগণনা।

পুৱা ৮ বজাৰ পৰা মহানগৰীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত স্থাপন কৰা গণনা কক্ষত আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া।

মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছিল এই নিৰ্বাচন।

পুৱাৰে পৰা অনুষ্ঠিত হৈ থকা ভোটগণনাৰ ফলাফল অনুসৰি, শাসকীয় বিজেপিয়ে লাভ কৰিছে এইপৰ্যন্ত ঘোষণা হোৱা সৰ্বাধিক ৱাৰ্ড।

পুৱা ১১ বজালৈ বিজেপিয়ে ১৬টা, আম আদমি পাৰ্টীয়ে এটা আৰু এজেপি দলে দখল কৰিছে এটা ৱাৰ্ড।

সেই অনুসৰি বিজেপি মিত্ৰজোঁটৰ দখলত গুৱাহাটী পৌৰ নিগম।মেজিক নম্বৰ অতিক্ৰম কৰিলে বিজেপিয়ে।

আনহাতে এতিয়ালৈ খাটা খুলিব পৰা নাই কংগ্ৰেছ দলে।

বৰ্তমানলৈ ৬০ খন আসনৰ এখন আসনতো জয়ৰ মুখ দেখা নাই কংগ্ৰেছে।

১নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ হুকুম চান আলী বক্সিৰ জয়।
৩১নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ৰত্না সিঙৰ জয়।
১১নং ৱাৰ্ডত বিজেপিৰ মঞ্জুলা দেৱীৰ জয়।

৪১নং ৱাৰ্ডত বিজেপিৰ বাসন্তী কলিতা দুৱাৰাৰ জয়।
২১নং ৱাৰ্ডত বিজেপিৰ সন্দীপ দেৱৰ জয়।

৩২নং ৱাৰ্ডত বিজেপিৰ নিলম জ্যোতি ভূঞাৰ জয়।

২৩নং ৱাৰ্ডত বিজেপিৰ মঞ্জিতা দৈমাৰীৰ জয়।

৪২নং ৱাৰ্ডত আম আদমি পাৰ্টীৰ মাছুমাৰ জয়লাভ।

১২নং ৱাৰ্ডত অগপ প্ৰাৰ্থী দীপাংকৰ বৈশ্যৰ জয়।

৩৩নং ৱাৰ্ডত অগপ প্ৰাৰ্থী জয় মিৰা দাস চহৰীয়াৰ জয়।

৪নং ৱাৰ্ডত বিজেপিৰ সঞ্জয় দাসৰ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়।

৬নং ৱাৰ্ডত বিজেপিৰ সুতাপা সৰকাৰৰ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়।

২২নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপিৰ স্মৃতা ৰয়ৰ।

২নং ৱাৰ্ডত বিজেপিৰ মুকুল কলিতাৰ জয়লাভ।

৩নং ৱাৰ্ডত বিজেপিৰ কল্লোল চক্ৰৱৰ্তীৰ জয়।

৫২নং ৱাৰ্ডত বিজেপিৰ গকুল গোস্বামীৰ জয়লাভ।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button