fbpx
অসম

GMC নিৰ্বাচনঃ এইপৰ্যন্ত ৩১, ২১, ১১, ৪১ আৰু ৫১ নং ৱাৰ্ড বিজেপিৰ দখলত…

২২ এপ্ৰিলত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগণনা।

পুৱা ৮ বজাৰ পৰা মহানগৰীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত স্থাপন কৰা গণনা কক্ষত আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া।

মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি।

বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বীতাৰে ৫, ৬ আৰু ২২ নং ৱাৰ্ডত জয় লাভ কৰিছে।

আনহাতে শেহতীয়া তথ্য অনুসৰি ৩১, ২১, ১১, ৪১, ৫১ নং ৱাৰ্ডত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে।

৩১নং ৱাৰ্ডত ৰত্না সিঙ, ২১ নং ৱাৰ্ডত সন্দীপ দেৱ, ১১ নং ৱাৰ্ডত মৃদুলা দেৱী, ৪১ নং ৱাৰ্ডত বাসন্তী কলিতা আৰু ৫১ নং ৱাৰ্ডত ডিম্পল ৰাভাৰ জয়।

আনহাতে ১নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ জয় লাভ।

অসম জাতীয় পৰিষদৰ হুকুম আলীয়ে ১০০০ ভোটৰ ব্যৱধানত জয় লাভ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৫৭ টা ৱাৰ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

তাৰ ভিতৰত বিজেপিৰ ৫০ গৰাকী, কংগ্ৰেছৰ ৫৪ গৰাকী, অসম গণ পৰিষদৰ ৭ গৰাকী, AAPৰ ৩৮ গৰাকী, অসম জাতীয় পৰিষদৰ ২৫ গৰাকী, CPIMৰ ৪ গৰাকী আৰু নিৰ্দলীয়সহ অন্যান্য দলৰ প্ৰাৰ্থী আছে ১৯ গৰাকী।

৯ বছৰৰ মূৰত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰথমবাৰৰ বাবে ই ভি এম ব্যৱহাৰ হৈছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!