GMCৰ কোটিটকীয়া কেলেংকাৰীৰ অভিযুক্ত মুখ্য গাণনিক অডিট বিষয়া অভিমন্যু মেধিক জামিন প্ৰদান ন্যায়ালয়ৰ…

নিউজ ডেস্কঃ গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাষণ কেলেংকাৰীৰ অভিযুক্ত অভিমন্যু মেধিক জামিন প্ৰদান আদালতৰ।

বৃহস্পতিবাৰে জিএমচিৰ মুখ্য গাণনিক অডিট বিষয়া অভিমন্যু মেধিক জামিন প্ৰদান কৰে উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, জিএমচিৰ কেইবা কোটিটকীয়া কেলেংকাৰীৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল ১৩ জনকৈ লোকক।

অজ্ঞাত শক্তিৰ কৃপাত নিবিদা নোহোৱাকৈ লুণ্ঠন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আটাই কেইজনক।

অৱশ্যে এই বৃহৎ কেলেংকাৰীৰ মূল খলনায়ক মিঠু আগৰৱালাৰ কোনো সন্ধান এতিয়ালৈকে লাভ কৰা নাই।

ইতিমধ্যে মিঠু আগৰৱালাক ম’ষ্ট ৱাণ্টেড ঘোষণা কৰি বিজ্ঞাপনো প্ৰকাশ কৰিছে আৰক্ষীয়ে।