দুৰ্ঘটনাগ্ৰস্ত হ’ল এছটিএফৰ বাহন, পলাবলৈ লওঁতে আৰক্ষীৰ গুলীত নিহত গেংষ্টাৰ বিকাশ ডুবে

দুৰ্ঘটনাগ্ৰস্ত হ’ল এছটিএফৰ বাহন, পলাবলৈ লওঁতে আৰক্ষীৰ গুলীত নিহত গেংষ্টাৰ বিকাশ ডুবে

July 10, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। উত্তৰ প্ৰদেশৰ কানপুৰত ৮ জনকৈ আৰক্ষীৰ বিষয়া-জােৱানক গুলীয়াই হত্যা কৰাৰ অভিযুক্ত কুখ্যাত গেংষ্টাৰ মাফিয়া বিকাশ ডুবে অৱশেষত নিহত হ’ল।

উল্লেখ্য যে আৰক্ষীৰ অভিযানকাৰী দলৰ ওপৰত চলােৱা নিৰ্মম আক্ৰমণৰ পাছতে উত্তৰ প্ৰদেশ এৰি পলায়ন কৰিছিল বিকাশ ডুবে।

ডুবেক বিচাৰি অভিযান চলােৱা উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে সংঘৰ্ষত তিনি সহযােগীৰ মৃত্যু ঘটিছিল।

তাৰ পাছতে বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ উজ্জৈনৰ এটা মন্দিৰৰ পৰা দিন দুপৰতে গ্ৰেপ্তাৰ কৰা হৈছিল ডুবেক।

মূলতঃ মৃত্যুৰ ভয়তে ডুবেই এনেদৰে দিন দুপৰতে আৰক্ষীৰ হাতত ধৰা দিয়া বুলি সন্দেহ কৰা হৈছিল।

পিচে, আত্মসমৰ্পণ কৰিও শেষ ৰক্ষা নহ’ল ডুবেৰ। উজ্জৈনৰ পৰা এছটিএফৰ বাহনত উত্তৰ প্ৰদেশলৈ ৰাওনা হােৱাৰ পথতে দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন।

তাৰ পাছতে ঘটনাস্থলীত পৰা পলায়ন কৰিবলৈ লওঁতে এছটিএফ জােৱানৰ গুলীত বিকাশ ডুবেৰ মৃত্যু ঘটে বুলি সদৰী কৰিছে আৰক্ষীৰ শীৰ্ষ সূত্ৰই।