পেট্র’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ দেশজোৰা কংগ্রেছৰ ধর্মঘট কাৰ্যসূচী পালন !

পেট্র’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ দেশজোৰা কংগ্রেছৰ ধর্মঘট কাৰ্যসূচী পালন !

June 29, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- প্ৰতিদিনে হোৰাহোৰে বৃদ্ধি হৈ আছে পেট্ৰ’ল-ডিজেলৰ মূল্য ।

পেট্ৰ’ল-ডিজেলৰ এই বৰ্ধিত মূল্যক লৈ প্ৰতিবাদত নামিল কংগ্ৰেছ দল ।

Image

পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিক লৈ সোমবাৰে দেশজোৰা ধর্মঘট কাৰ্যসূচী পালন কৰিছে কংগ্রেছ দল ৷

বিৰোধী দল কংগ্রেছৰ সাংসদ, বিধায়ক আৰু নেতাসকলে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি প্রত্যাহাৰৰ দাবীৰে ৰাষ্ট্রপতি ৰামনাথ ক’ৱিন্দক স্মাৰক-পত্র প্রেৰণ কৰে ।

একেদিনাই দলটোৱে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিক লৈ ছ’চিয়েল মিডিয়াত প্রতিবাদী অভিযান চলায়

তদুপৰি ৩০ জুনৰ পৰা ৪ জুলাইলৈকে কংগ্রেছ দলে তালুক/তহচিল আৰু মণ্ডল পর্যায়ত বিশাল প্রতিবাদ সাব্যস্ত কৰিব বুলিও সদৰি কৰিছে ৷

Image

নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে বিবৃতিত প্রকাশ কৰা মতে, পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি অমানসিক, অসংবেদনশীল আৰু অভাৱনীয় ৷

কেন্দ্রীয় চৰকাৰে দেশৰ জনতাক কৰ’ণা ভাইৰাছৰ সংকটৰ সময়ত ইন্ধনৰ মূল্যবৃদ্ধিৰে লুণ্ঠন চলাইছে বুলিও মন্তব্য কৰে ।

Image