ডিম্পুৰ পাছত YouTube ত ৭৫ হাজাৰ টকাৰ বান সাহায্য সংগ্ৰহ কৰিলে বিক্ৰমে

ডিম্পুৰ পাছত YouTube ত ৭৫ হাজাৰ টকাৰ বান সাহায্য সংগ্ৰহ কৰিলে বিক্ৰমে

July 25, 2020 0 By NEWS DESK

হনী ঝাঁঝৰী। ছ’চিয়েল মিডিয়াত জৰিয়তে পুনৰ এক প্ৰশংসনীয় পদক্ষেপ লৈ চৰ্চাৰ বিষয় হৈ পৰিছে অসমৰ জনপ্ৰিয় YouTuber ডিম্পু বৰুৱা।

ডিম্পুৱে YouTube ৰ জৰিয়তে বান সাহায্যৰ বাবে চাবচ্ক্ৰাইবাৰৰ পৰা এঘন্টাতকৈও কম সময়ৰ ভিতৰত ৪৩ হাজাৰ টকাৰ বান সাহায্য সংগ্ৰহ কৰিলে।

কেৱল এয়াই নহয়, বন্ধৰ সৈতে গৈ নিজ হাতেৰে বন্যাৰ্তৰ মাজত বিতৰণ কৰিলে নগদ ধন তথা সাহায্য সামগ্ৰী।

ডিম্পু বৰুৱাৰ দৰেই এইবাৰ একেটা পদ্ধতিৰে ৭৫,੦੦੦ টকা সংগ্ৰহ কৰি চৰ্চিত হৈছে অসমৰ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ YouTuber বিক্ৰম।

বিক্ৰম চাংমা

হয়, বিক্ৰম চাংমা নামৰ এই যুৱকজনে ইউ টিউবৰ জৰিয়তে সংগ্ৰহ কৰিলে এই বৃহৎ ধন।

যুৱকজনৰ এনে পদক্ষেপক পূব গাৰো পাহাৰ জিলাৰ উপায়ুক্ত স্বপ্নীল তাম্বেই প্ৰশংসা কৰিছে।

বিক্ৰমে উপায়ুক্তৰ আমন্ত্ৰণত তেওঁক সাক্ষাৎ কৰাৰ লগতে মাস্কৰ টােপােলাও প্ৰদান কৰে।

অৱশ্যে যুৱকজনে অসম তথা মেঘালয় উভয় ৰাজ্যৰ বন্যাৰ্তৰ বাবে সংগ্ৰহ কৰিছে এই ধন।

যুৱকজনৰ বন্যাৰ্তৰ প্ৰতি এনে সহানুভূতিয়ে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰশংসিত হৈছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ তথা কেবিনেট মন্ত্ৰী জেমছ্ চাংমাই টুইটাৰৰ জৰিয়তে যুৱকজনৰ ভূঁয়সী প্ৰশংসা কৰিছে।

বিক্ৰমৰ পদক্ষেপক শ’লাগ লােৱাৰ লগতে তেওঁ যুৱকজনৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে।

dimpu baruah