অৰুণাচল প্ৰদেশত বানৰ বিভীষিকা, বানত আবদ্ধ দুজনক উদ্ধাৰ

অৰুণাচল প্ৰদেশত বানৰ বিভীষিকা, বানত আবদ্ধ দুজনক উদ্ধাৰ

July 10, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। অৰুনাচল প্ৰদেশৰ পূৱ চিয়াং জিলাত এতিয়া বানৰ বিভীষিকা।

জিলাখনৰ চিয়াং আৰু চিবু কৰেঙ নদী দুখনৰ বাঢ়নী পানীয়ে পাচিঘাটত সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতিৰ।

ইয়াৰ মাজতে চিবু কৰেঙ নদীৰ বাঢ়নী পানীত আবদ্ধ দুজন লোকক পাচিঘাট জিলা প্ৰশাসনে ৰছীৰ সহায়ত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

লোক দুজন গোপাল মিজাৰ আৰু মহিলা গৰাকী মনো বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে।

পূৱ চিয়াঙ জিলাৰ আৰক্ষী অধীক্ষক আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে যুটীয়া বাবে উদ্ধাৰ অভিযান চলায়৷

আনহাতে চিয়াঙ নৈৰ পানী বিপদজনক বাবে বৃদ্ধি পাই অহাত পাচিঘাট ৰাইজ কিছু পৰিমানে শংকিত হয় পৰিছে৷

আনহাতে যোৱা কেবাদিনো ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত পাচিঘাটৰ জৱহৰলাল নেহেৰু কলেজ বুৰাই পেলাইছে৷

পূৱ চিয়াঙ জিলাৰ ৰুকচিন মহকুমাত নিকলক নদীয়ে ভয়াৱহ ৰূপ লৈ ইয়াৰ দলঙৰ দুয়োফালে খহাই নিয়াত মহকুমাটোৰ সৈতে কেবাখনো গাবৰ যোগাযোগ বিছিন্ন হয় পৰিছে৷