কভিড-১৯ প্ৰ’ট’কল ভংগ! অসমৰ পৰা তুৰালৈ যােৱা অধ্যাপকৰ বিৰুদ্ধে এজাহাৰ

কভিড-১৯ প্ৰ’ট’কল ভংগ! অসমৰ পৰা তুৰালৈ যােৱা অধ্যাপকৰ বিৰুদ্ধে এজাহাৰ

July 12, 2020 0 By NEWS DESK

নিউজ ডেস্ক, তুৰা। চৰকাৰ অথবা প্ৰশাসনে কৰণাৰ ভয়াবহতাৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ কৰিছে কঠোৰ নিয়ম।

সকলোকে সাৱধানতা মানি চলিবলৈ কৰিছে আহ্বান।

কিন্তু কিছু লোকে এতিয়াও মানি চলা নাই এনে নিৰ্দেশনা।

সাধাৰণ লোকটো বাদেই, স্বয়ং শিক্ষিত লোকেও মনা নাই এই নিয়ম।

উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ (NEHU) ৰ সহকাৰী অধ্যাপক ভাঙিলে নিয়ম।

অসমৰ পৰা দুদিন পূৰ্বে মেঘালয়ত প্ৰৱেশ কৰি চৰকাৰী নীতি ভংগ কৰাৰ অভিযােগত পশ্চিম গাৰো জিলাৰ কাৰ্যবাহী দণ্ডাধীশ জনে এজাহাৰ দিয়ে তুৰা আৰক্ষী থানাত।

আৰক্ষীয়ে এই সন্দৰ্ভত শুকুৰবাৰে ৰুজু কৰে এক গোচৰ।

অধ্যাপক জন হল শশী কুমাৰ আৰ। তেওঁ গৈছিল তেজপুৰৰ পৰা উত্তৰ গাৰো পাহাৰ জিলা হৈ।

আৰক্ষীয়ে তেওঁক ITBP ৰ চেক গেটত প্ৰতিবেদন বিচৰাৰ তেওঁ দিবলৈ অসমৰ্থ হয়।

সেয়েহে তেওঁক তুৰা চিকিৎসালয়ত নিজৰ নাম পঞ্জীয়ন আৰু স্বাস্থ্য পৰীক্ষা কৰিবলৈ দিয়ে।

কিন্তু অধ্যাপক জনে তেনে নকৰি নিজা গাড়ীৰে ভাৰাঘৰলৈ গুচি যায়। সেয়েহে তেঁওৰ বিৰুদ্ধে ৰুজো কৰা হয় গোচৰ।