চিকিৎসকৰ ভয়ংকৰ কাণ্ড! ক’ৰনা পজিটিভ হৈও গােপনে ৰাখিলে তথ্য, নিতৌ খেলিলে ফুটচাল

চিকিৎসকৰ ভয়ংকৰ কাণ্ড! ক’ৰনা পজিটিভ হৈও গােপনে ৰাখিলে তথ্য, নিতৌ খেলিলে ফুটচাল

July 24, 2020 0 By NEWS DESK

নিউজ ডেস্ক। সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি উচ্চ ডিগ্ৰী ধাৰী ব্যক্তিলৈকে একাংশই নিতৌ ভংগ কৰিছে চৰকাৰে দিয়া ক’ভিড নিৰ্দেশাৱলী।

অধ্যাপক বা উপাচাৰ্যই নিয়ম নমনাৰ বাবে থানাত দিয়া হৈছিল এজাহাৰ। কিন্তু এইবাৰ খোদ চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে ভংগ কৰিলে এই নিৰ্দেশাৱলী।

যাৰ বাবে চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ বিৰুদ্ধে দাখিল কৰা হল এজাহাৰ।

ঘটনাৰ স্থান আইজল। জানিব পৰা মতে, মিজোৰামৰ আইজলত থকা জুৰাম চিকিৎসা মহাবিদ্যালয়ত কভিড ৰোগীক সেৱা আগবঢ়াইছিল এজন চিকিৎসকে।

পৰৱৰ্তী সময়ত তেওঁৰ দেহতাে ধৰা পৰে এই ৰোগ। কিন্তু তেওঁ এই কথা আওকাণ কৰি নিয়ম মনা নাছিল।

সেয়েহে বানৰামসুৱাঙি ৰুৱাটফেলা নো নামৰ মহিলা সমাজকৰ্মী গৰাকীয়ে তেওঁৰ বিৰুদ্ধে থানাত তৰিলে গোচৰ।

মহিলা গৰাকীয়ে কয়, চিকিৎসকজনে ক’ভিড ৰোগীক চিকিৎসা কৰিছিল। তাৰপিছত তেওঁ থাকিব লাগে আইছলেচনত।

কিন্তু তেওঁ স্বাব দিয়াৰ পিছতো ঘৰত নাথাকি দুজন ব্যক্তিৰ সৈতে প্ৰতি আবেলি ফুটচাল (Futsal) খেলিছিল।

সোমবাৰে তেওঁৰ দেহত ধৰা পৰিছিল ক’ভিড পজিটিভ্। সেয়েহে তেঁওৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।

লগতে চিকিৎসালয় প্ৰশাসনৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হয়।

চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসকজনে কিয় ক’ভিড নিৰ্দেশ অমান্য কৰিলে, সেই সন্দৰ্ভত কৈফিয়ৎ বিচাৰিছে।

উল্লেখ্য যে এই ঘটনাৰ লগত চিটি হস্পিটেল এণ্ড গ্ৰেচ নাৰ্ছিং হম এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ দুগৰাকী নাৰ্চ জড়িত হৈ পৰিছে।

তেওঁলোকেও মনা নাছিল কভিড নিয়মাৱলী। তেওঁলোক আৰু উক্ত চিকিৎসালয় খনৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে সমাজকৰ্মী গৰাকীয়ে।

ইয়াৰোপৰি চিকিৎসালয় চৌহদৰ ভিতৰত কিয় কৰ্তৃপক্ষই খেল অনুষ্ঠিত কৰিব দিলে, সেই বিষয়েও সমাজকৰ্মী গৰাকীয়ে প্ৰশ্ন কৰে।

কিন্তু কৰ্তৃপক্ষই সেইয়া বন্ধুতসুলভ খেলহে খেলিছিল বুলি দায় সৰা মন্তব্য দিয়ে।

অৱশ্যে স্বয়ং চিকিৎসকৰ এনে কাণ্ড ই এতিয়া সকলোতে চৰ্চিত হৈছে।