Tue. Nov 24th, 2020
fifa world cup 2022

ইন্টাৰনেশ্যনেল ডেস্ক। বিশ্বকাপ ফুটবলৰ বাবে যেন প্ৰায় কাউন্ট ডাউন আৰম্ভ হৈছে।

বুধবাৰে ফিফা কৰ্তৃপক্ষই ঘোষণা কৰিলে আগন্তুক কটৰত অনুষ্ঠিত হব লগীয়া ২০২২ বিশ্বকাপ ফুটবলৰ সময়সূচী।

ভাৰতীয় দৰ্শক সকলৰ বাবে এইবাৰ ভাল খবৰ। এইবাৰ ভাৰতীয় দৰ্শকৰ সুবিধাৰ্থে ফিফাই প্ৰস্তুত কৰিছে সময়সূচী।

এইবাৰ বিশ্বকাপ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব।

প্ৰতিদিনে অনুষ্ঠিত হ’ব ৪ খনকৈ মেচ। আয়োজক দেশ কটৰে দৰ্শক সকলৰ সুবিধাৰ্থে কৰিছে বিশেষ সুবিধা।

এজন দৰ্শকে এদিনত ইচ্ছা কৰিলে এখনতকৈ অধিক খেল উপভোগ কৰিব পাৰিব। অৰ্থাৎ এখন খেলপথাৰৰ পৰা আন এখন খেলপথাৰলৈ দৰ্শক এঘন্টাৰ ভিতৰত পাব পৰাকৈ যোগাযোগ ব্যৱস্থা সহজ কৰি তুলিছে।

খেলৰ সময় সূচী এনেধৰণৰ –

এদিনত হব ৪ খন মেচ। প্ৰথমখন মেচ হব ভাৰতীয় সময় অনুসৰি বিয়লি ৩:৩০ (১৫:৩০) বজাত।

দ্বিতীয় খন মেচ হব বিয়লি ৬:৩০ (১৮:৩০) বজাত। তৃতীয় খন মেচ হব নিশা ৯:৩০ (২১:৩০) বজাত।

আৰু দিনটোৰ অন্তিমখন মেচ হব নিশা ১২:৩০ (০০:৩০) বজাত অৰ্থাৎ ভাৰতৰ মতে পিছদিনা।

নকআউট পৰ্যায়ৰ আগৰলৈকে খেলসমূহ অনুষ্ঠিত হব এইটো সূচীমতে। দিনে ৪ খনকৈ হব লগা মেচৰ খেল হব মুঠ ১২ দিন।

১৭ ডিচেম্বৰৰ নক্আউট খেলখন অনুষ্ঠিত হব খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত, আৰু ১৮ ডিচেম্বৰৰ চূড়ান্ত খেলখন অনুষ্ঠিত হব ভাৰতীয় সময়মতে ৮:৩০ (২০:৩০) বজাত লুছাই ষ্টেডিয়ামত।

উল্লেখ্য যে এছিয়া মহাদেশত এইবাৰ দ্বিতীয়বাৰৰ বাবে আৰু মধ্য প্ৰাচ্যত প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেল অনুষ্ঠিত হব।

ইয়াৰ পূৰ্বে জাপান আৰু দক্ষিণ কোৰিয়াই অনুষ্ঠিত কৰিছিল বিশ্বকাপ ফুটবল।

দৰ্শকসকলে এই বৰ্ষৰ শেষৰ পৰা http://fifa.com/tickets যোগে ২০২২ কটৰ বিশ্বকাপ ফুটবলৰ টিকট ক্ৰয় কৰিব পাৰিব বুলি জনায় ফিফা কৰ্তৃপক্ষই।