FCI ৰ শীৰ্ষ পদত মনোজ কুমাৰ গগৈ

নিউজ ডেস্ক। এক ভাল খবৰ। অসম সন্তান মনোজ কুমাৰ গগৈ (৫২) ক ভাৰতীয় খাদ্য নিগম চমুকৈ FCI ৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি প্ৰদান।

এই নিযুক্তিৰ পূৰ্বে তেওঁ নতুন দিল্লীস্থিত ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে শিৱসাগৰৰ সু-সন্তান মনোজ কুমাৰ গগৈ ভাৰতীয় খাদ্য নিগমৰ সেই পদত অধিষ্ঠিত হোৱা অসমৰ প্ৰথমজন বিষয়া।

ইয়াৰোপৰি তেওঁক ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয়ৰ পৰিষদীয় সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে।

Leave a Comment