বিধায়কৰ PAৰ পৰিচয়েৰে একাধিক লােকক ৰামঠগন, গ্ৰেপ্তাৰ লখিমপুৰৰ প্ৰবঞ্চক

বিধায়কৰ PAৰ পৰিচয়েৰে একাধিক লােকক ৰামঠগন, গ্ৰেপ্তাৰ লখিমপুৰৰ প্ৰবঞ্চক

July 9, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। এইবাৰ অৰুণাচল প্ৰদেশৰ নাহৰলগুনত গ্ৰেপ্তাৰ হ’ল নিজকে বিধায়কৰ ভুৱা ব্যক্তিগত সহায়ক বুলি পৰিচয় দিয়া এজন প্ৰবঞ্চক।

ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক টোম্মে আমো এ কয় যে মনোজ বৰুৱা নামৰ নাহৰলগুন শাখাৰ এক্সিছ বেংকৰ প্ৰৱন্ধক জনে যোৱা এপ্ৰিল মাহৰ ২৮ তাৰিখত দিয়া এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় প্রবঞ্চক জনক।

প্ৰবঞ্চক জনে দেশজুৰি চলা লকডাউন ৰ সময়চোৱাত নিজকে ১৩ নং ইটানগৰ সমষ্টিৰ বিধায়ক তেচি কাচাও ৰ ব্যক্তিগত সহায়ক বুলি পৰিচয় দি ফোন কৰে প্রবঞ্চক টোৱে।

ফোন কৰি প্ৰৱন্ধক জনক কয় যে অজিত কানুৰ নামত থকা ০৯৩৫০১৫১৬০৬১ বেংক একাউণ্ট টোত ৫০ হাজাৰ টকা জমা দিবলৈ।

বিধায়াকজনৰ এজনী জীয়ৰী বাংগালোৰৰ পৰা ঘৰলৈ আহি থাকোঁতে লকডাউনৰ বাবে বাটতে ৰৈ যাব লগা হোৱাত বিধায়কে এই পইচা খিনি দিবলৈ কৈছে।

যিহেতু লকডাউন ৰ বাবে তেওঁ ও আহিব নোৱাৰে।

সেই মৰ্মে প্ৰৱন্ধক জনে ৫০ হাজাৰ টকা জমা দিয়ে। পৰৱৰ্তী সময়ত প্ৰৱন্ধক জনে বিধায়ক জনক এই সন্দৰ্ভত সোধা পোচা কৰাত তেওঁ এই কথা অস্বীকাৰ কৰে।

প্ৰবঞ্চক টোৱে এই বৰ্ষৰ মাৰ্চত নাহৰলগুন শাখাৰ আই চি আই চি আই বেংকৰ প্ৰৱন্ধক প্ৰশান্ত নেওগৰ পৰাও ৮০ হাজাৰ টকা এনেদৰে সৰকাইছিল।

ইয়াৰোপৰি প্ৰবঞ্চক টোৱে কেইবাটাও বেংকৰ প্ৰৱন্ধকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। আৰক্ষীয়ে সকলো বেংকৰ প্ৰবন্ধকক সতৰ্ক হবলৈ নিৰ্দেশ দিছে।

আৰক্ষীৰ তদন্ত্ৰত ওলাইছে যে প্ৰবঞ্চক টোৱে বহু যুৱতীক নিজকে কণিষ্ঠ অভিযন্তা বুলি পৰিচয় দি নিজৰ সম্পৰ্কলৈ আনিছে।

এগৰাকী যুৱতীক ২৮ জুনত এই বিষয়ে সোধা পোচা কৰাত পোহৰলৈ আহে এই কথা। ইয়াৰ পৰাই প্ৰবঞ্চকটোৰ অৱস্থিতি লেখি বুলি জানিব পাৰিছে আৰক্ষীয়ে।

অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ বাবে প্ৰবঞ্চকটো আছিল লেখি কোৱাৰেণ্টাইন কেন্দ্ৰত।

আৰু নিজকে এজন চৰকাৰী চাকৰিয়াল বুলি পৰিচয় দি নিজৰ নাম অনুৰাগ কানু বুলি পৰিচয় দিছে।

প্ৰকৃততে প্ৰবঞ্চকটোৰ নাম অজিত কানু আৰু ঘৰ অসমৰ লখিমপুৰ জিলাত।

আৰক্ষীয়ে প্ৰবঞ্চক টোৰ স্বাব পৰীক্ষাৰ ফলাফল অহালৈ ৰৈ থাকি আজি ফলাফল নিগেটিভ অহাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।