হস্তিনীৰ ব্যতিক্ৰমী কেশসজ্জা ! ‘বব-কাট ছেংগামালাম’ক লৈ ছ’চিয়েল মিডিয়াত খলকনি…

হস্তিনীৰ ব্যতিক্ৰমী কেশসজ্জা ! ‘বব-কাট ছেংগামালাম’ক লৈ ছ’চিয়েল মিডিয়াত খলকনি…

July 7, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- মানুহৰ নহয়, হস্তিনীৰ ব্যতিক্ৰমী কেশসজ্জাই এইবাৰ সৃষ্টি কৰিছে খলকনিৰ ।

তামিলনাডুৰ মান্নাৰগুড়ি চহৰৰ ৰাজাগোপালস্বামী মন্দিৰত থকা ছেংগামালাম নামৰ হস্তিনীৰ ব্যতিক্ৰমী কেশসজ্জাই ছ’চিয়েল মিডিয়াতে নহয় বাস্তৱতো সৃষ্টি কৰিছে তীব্ৰ খলকনিৰ ।

‘বব-কাট’ চুলিৰ কাটক লৈ এই হস্তিনীৰ নাম হৈ পৰিছে ‘বব-কাট ছেংগামালাম’ ।

আনকি ছ’চিয়েল মিডিয়াত হস্তিজনীৰ ছবিৰো আছে হাজাৰ হাজাৰ গুণমুগ্ধ ।

এছ ৰাজগোপাল নামৰ মাউত এজনৰ তত্বাবধানত থকা ছেংগামালামক ২০০৩ চনত কেৰালাৰ পৰা তামিলনাডুলৈ ৰাজাগোপালস্বামী মন্দিৰলৈ অনা হৈছিল ।

তাৰ পিছতে হস্তিনী ছেংগামালামৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ চুলিৰ ষ্টাইল সলনি কৰা হয় ।