এলঅ’চিত সেনাৰে সংঘৰ্ষত নিহত দুই লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী

এলঅ’চিত সেনাৰে সংঘৰ্ষত নিহত দুই লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী

July 11, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। জম্মু-কাশ্মীৰত অনুপ্ৰৱেশৰ চেষ্টা চলাই সেনাৰে সংঘৰ্ষত নিহত দুই লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী।

শনিবাৰে পুৱতি নিশা উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ নৌগাম চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত সংঘটিত হয় এই ঘটনা।

নিয়ন্ত্ৰণ ৰেখাৰে দুই সন্ত্ৰাসবাদীক অনুপ্ৰৱেশৰ চােৰাংচােৱাৰ খবৰৰ ভিত্তিত সেনাই জম্মু-কাশ্মীৰ আৰক্ষী-চিআৰপিএফৰ সৈতে যৌথ অভিযান চলায়।

ইদ্ৰিছ বট্

নিৰাপত্তাৰক্ষীৰ দেখাৰ লগে লগে সন্ত্ৰাসবাদীয়ে নিৰাপদ স্থানৰ পৰা গুলী চালনা কৰে।

প্ৰত্যুত্তৰত সেনাৰ গুলীত নিহত হয় দুই সন্ত্ৰাসবাদী। নিহত এজন সন্ত্ৰাসবাদীক ইদ্ৰিছ বট্ বুলি চিনাক্ত কৰা হৈছে।

২০১৮ চনত জম্মু-কাশ্মীৰৰ পৰা পাকিস্তানলৈ গৈ লস্কৰ-ই-তৈবাত যােগদান কৰিছিল ইদ্ৰিছে।

ঘটনাস্থলীৰ পৰা দুটা AK 47 ৰাইফল, ১২ টা মেগজিন, পাকিস্তানৰ টকাৰ লগতে বহু সামগ্ৰী জব্দ কৰা হয়।

কৰ্ণেল ৰাজেশ কলিয়াই সদৰী কৰে এই ঘটনা।