fbpx
অসম

Earth Hour! আজি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে বিদ্যুতৰ ছুইছ বন্ধ ৰখাৰ আহ্বান APDCLৰ…

ৰাজ্যবাসীলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে জনাইছে এক বিশেষ আহ্বান।

আজি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে বিদ্যুতৰ ছুইছ বন্ধ ৰখাৰ আহ্বান জনাইছে APDCL-এ।

উল্লেখ্য যে, আজি নিশা ৮.৩০ মিনিটৰ পৰা ৯.৩০ বজালৈ সমগ্র বিশ্বতে পালন কৰা হ’ব ‘ধৰিত্রী ঘণ্টা’।

এঘণ্টাজোৰা এই সময়ছোৱাত পৰিহাৰ কৰা হ’ব বৈদ্যুতিক পোহৰ।

WWF-Indiaৰ সমর্থনত ভাৰতৰ বিভিন্ন প্ৰান্ততো ‘ধৰিত্রী ঘন্টা’ পালন কৰা হ’ব।

‘ধৰিত্রী ঘন্টা’ৰ সময়ছোৱাত সকলো লাইটৰে ছুইছ অফ কৰি ৰাখিবলৈ ৰাজ্যবাসীক অনুৰোধ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCLৰ।

উক্ত সময়খিনিত কেৱল অত্যন্ত প্রয়োজনীয় লাইটসমূহে জ্বলাবলৈহে অনুৰোধ APDCLৰ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!