
নিউজ ডেস্কঃ নিজকে চি এম ভিজিলেন্সৰ বিষয়া-কৰ্মচাৰী বুলি পৰিচয় দি সোণাৰিত চৰাউদেউ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীক ভীতি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা এটা ৫ জনীয়া যুৱকৰ দলক আটক কৰিছে সোণাৰি আৰক্ষীয়ে।
জানিব পৰা মতে, শুকুৰবাৰে দুপৰীয়া যুৱক কেইজনে এখন বগা নম্বৰপ্লেটবিহীন স্কৰপিঅ’ বাহনত পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ আহিছিল।
যুৱক কেইজনে নিজকে চিএম ভিজিলেন্সৰ বিষয়া-কৰ্মচাৰী বুলি পৰিচয় দি কাৰ্যালয়ৰ বিভিন্ন নথি-পত্ৰ, কম্পিউটাৰ আদি খুচৰি লণ্ডভণ্ড কৰে।

ইফালে এই সন্দৰ্ভত চৰাউদেউ আৰক্ষীক খবৰ দিয়া ঘটনাস্থলীত ডিএছপি অনিতা কোঁৱৰৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ যুৱক কেইজনক আটক কৰি প্ৰথমে চৰাইদেউ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰু পৰৱৰ্তী সময়ত সোণাৰি থানালৈ লৈ আনে।
ধৃত যুৱক কেইজনক ক্ৰমে তিনিচুকীয়াৰ আলটাব হুচেইন, সঞ্জু দাস, ৰূপম চৌধুৰী, মহচিন আলি আৰু আলটাফ হুচেইন বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে সোধাপোছাৰ অন্তত যুৱক কেইজন চিএম ভিজিলেন্সৰ ভুৱা বিষয়া-কৰ্মচাৰী বুলি নিশ্চিত কৰিছে।

ইফালে আটকাধীন যুৱক কেইজনে নিজকে ইন্টাৰনেশ্যনেল হিউমেন ৰাইটছ অৰ্গেনাইজেশ্যনৰ সদস্য বুলি দাবী কৰিছে।
আৰক্ষীয়ে ধৃত যুৱক কেইজনৰ পৰা এটা ৱেব পৰ্টেলৰ ল’গ’, মোবাইল আৰু কেতবোৰ আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰাৰ লগতে তেওঁলোকে লৈ অনা স্কৰপিঅ’ বাহনখন জব্দ কৰিছে।
ঘটনাটো সংক্ৰান্তত চৰাইদেউ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা এটা গোচৰ দাখিল কৰা হৈছে।
এই সন্দৰ্ভত সোণাৰি আৰক্ষীৰ দলে আটক কৰা যুৱক কেইজনক জেৰা অব্যাহত ৰখা হৈছে।
লগতে চাওকঃ
শােকাৱহ! খাদ্য নিগমৰ তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে অনুপ্ৰভা দাসক, হাস্পতালত মৃত্যু
