DRDO-ভাৰতীয় সেনাই সাজি উলিয়ালে দেশৰ প্ৰথমটো থলুৱা প্ৰযুিক্তৰ মেচিন পিষ্টল ASMI

DRDO-ভাৰতীয় সেনাই সাজি উলিয়ালে দেশৰ প্ৰথমটো থলুৱা প্ৰযুিক্তৰ মেচিন পিষ্টল ASMI

January 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ DRDO ই ভাৰতীয় সেনাৰ সহযোগত সাজি উলিয়ালে দেশৰ প্ৰথমটো থলুৱা মেচিন পিষ্টল। যাৰ নাম দিয়া হৈছে ASMI।

ইয়াক সাধাৰণতে প্ৰতিৰক্ষা বাহিনীয়ে 9mm পিষ্টলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব বুলি জনা গৈছে।

বুধবাৰে ভাৰতীয় সেনাৰ উদ্ভাৱনী প্ৰদৰ্শন অনুষ্ঠানত দেশৰ প্ৰথম থলুৱাভাৱে নিৰ্মিত এই পিষ্টল ASMI ক প্ৰদৰ্শন কৰা হয়।

DRDO ই জনোৱা অনুসৰি, এই পিষ্টল ইজৰাইলৰ Uzi বন্ধুকৰ সম পৰ্যায়ৰ। যিয়ে ১০০ মিটাৰ দূৰত্বলৈকে ফায়াৰিং কৰিবলৈ সমৰ্থ হ’ব। যোৱা ৪ মাহত এই পিষ্টলটো বিকাশৰ বাবে ৩০০ ৰাউণ্ড গুলী খৰচ কৰা হয়।

বুধবাৰে প্ৰদৰ্শনী অনুষ্ঠানত এই পিষ্টল প্ৰদৰ্শন কৰাৰ পিছতেই DRDO এ ভাৰতীয় সেনাক ব্যৱহাৰৰ বাবে ইয়াক খুব সোনকালেই হস্তান্তৰ কৰা হ’ব বুলি প্ৰকাশ কৰিছে।