দৰা-কইনাৰ বাবে বজাৰলৈ আহিল হীৰাৰ লাখটকীয়া মাস্ক!

দৰা-কইনাৰ বাবে বজাৰলৈ আহিল হীৰাৰ লাখটকীয়া মাস্ক!

July 11, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। যি সময়ত দীৰ্ঘদিনীয়া তলাবন্ধ তথা ক’ৰনা সংক্ৰমণৰ বাবে দেশবাসীয়ে দুৰ্বিষহ জীৱন যাপন কৰিছে, তেনে সময়তাে একাংশ লােকে পাহৰা নাই বিলাসিতাৰ প্ৰদৰ্শন!

মহাৰাষ্ট্ৰৰ এজন ব্যৱসায়ীয়ে সােণেৰে নিৰ্মিত ৩ লাখটকীয়া মাস্ক তৈয়াৰ কৰি চমক সৃষ্টি কৰিছিল।

এই বাতৰি প্ৰকাশ পােৱাৰ লগে লগে ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত।

এইবাৰ অনুৰূপ ধৰণে গুজৰাটৰ এজন হীৰা ব্যৱসায়ীয়ে সাজি উলিয়াইছে হীৰাৰ বিশেষ মাস্ক।

কিন্তু তেনে এক সুবিধাই আগবঢ়াইছে গুজৰাটৰ চুৰাটৰ এজন অলংকাৰ দোকানৰ স্বত্বাধিকাৰীয়ে।

চুৰাটৰ যিসকল লোকে এই মহামাৰীৰ সময়ত বিয়া পাতিবলৈ আগবাঢ়িছে তেওঁলোকলৈ আগবঢ়োৱা হৈছে এই বিশেষ সুবিধা।

আচলতে চুৰাটৰ অলংকাৰ দোকানত কৰ্মৰত শ্ৰমিক সকল আছিল পশ্চিমবংগৰ।

কৰণা মহামাৰীৰ বাবে শ্ৰমিক সকল নিজৰ ঘৰলৈ ঘূৰি আহিল।

বৰ্তমান অলংকাৰ বনুৱা শ্ৰমিক সকল নথকাৰ বাবে দোকানসমূহে সোণৰ আ- অলংকাৰ বনাব পৰা নাই।

সেয়েহে গ্ৰাহকক আকৰ্ষণৰ উদ্দেশ্যেৰে আৰু নিজৰ আয়ৰ চিন্তাৰ আগবাঢ়িছে এই কামৰ বাবে।

স্বত্বাধিকাৰী জনৰ মতে মাস্কখন হব হীৰা অলংকৃত।

অতি উজ্জল এই মাস্কখন সজোৱা হব দৰা আৰু কইনাই বিবাহ স্থলীত পৰিধান কৰিবলৈ।

সোণৰ লগতে ভাৰতীয় আৰু আমেৰিকান হীৰা সংলগ্ননেৰে ই হ’ব অতি আকৰ্ষণীয়।

ইয়াৰ মূল্য হব ১.৫ লাখ পৰা ৪ লাখ পৰ্যন্ত।