হত্যা নে আত্মহত্যা! AIIMSৰ চতুৰ্থ মহলাৰ পৰা পৰি ক’ৰণাত আক্ৰান্ত সাংবাদিকৰ মৃত্যু

হত্যা নে আত্মহত্যা! AIIMSৰ চতুৰ্থ মহলাৰ পৰা পৰি ক’ৰণাত আক্ৰান্ত সাংবাদিকৰ মৃত্যু

July 6, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। বিশ্ব মহামাৰীৰ কৰণা ভাইৰাছ ত দেশত আক্ৰান্ত হৈছে ৬ লক্ষাধিক লোক।

ইয়াৰে মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ লোক।

চৰকাৰে বাৰম্বাৰ ভয় নকৰিবলৈ কোৱাৰ পিছতো বহুতো আক্ৰান্ত ই ভয়তে বাচি লৈছে বিভিন্ন অবাঞ্ছিত পথ।

তেনে এক ঘটনাই সংঘটিত হল দেশৰ ৰাজধানী দিল্লীত।

দিল্লীৰ এজন সাংবাদিক এইভাইৰাছ ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল এইমছত।

তৰুণ চিচােডিয়া

সাংবাদিকজন হৈছে দৈনিক ভাস্কৰ নামৰ দেশৰ আগশাৰীৰ হিন্দী দৈনিক কাকতৰ সংবাদদাতা তৰুণ চিচােডিয়া।

তেওঁ ভাইৰাছ ত আক্ৰান্ত হোৱাৰ বাবেই চিকিৎসালয় ৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ কৰে।

অৱশ্যে পৰিয়ালৰ লােকে এই ঘটনাক ৰহস্যজনক আখ্যা দিছে।

অৱশ্যে, আৰক্ষীৰ তদন্তৰ পাছতহে পােহৰলৈ আহবি এই ঘটনাৰ প্ৰকৃত ৰহস্য।