সুস্থ হৈ ঘৰলৈ ঘূৰি অহা মহিলাক আদৰিবলৈ নৃত্য ভগ্নীৰ, ভিডিঅ’ ভাইৰেল

সুস্থ হৈ ঘৰলৈ ঘূৰি অহা মহিলাক আদৰিবলৈ নৃত্য ভগ্নীৰ, ভিডিঅ’ ভাইৰেল

July 23, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। কভিডৰ বাবে ভয় বা শংকাত ভুগিছে বহুতে।

এইবাৰ কৰনাক জয় কৰি ঘৰলৈ উভতি আঁহোতে ভগ্নীক সুস্থ অৱস্থাত পাই আনন্দত আত্মহাৰা হল আত্মীয়।

আনন্দতে নাচি দিলে এপাক বলিউদৰ চিল্লাৰ পাৰ্টী ছবিৰ জনপ্ৰিয় সংগীত টাই টাই ফিচত।

এনে এটা ভিডিঅ’ আপলোড কৰে IPS বিষয়া দিপাংশু কাব্ৰাই।

ভিডিঅ’ টোত এগৰাকী মহিলাই ভগ্নীক সুস্থ অৱস্থাত ঘৰলৈ উভতি অহা দেখি নাচি দিলে।

মহিলা গৰাকীক দেখি ভনীয়েকেও নাচি দিলে এপাক।

বিষয়া গৰাকীয়ে ভিডিঅ’ টো শ্বেয়াৰ কৰি তেওঁ কয় যে পৃথিৱীত কোনো মহামাৰীয়ে কাৰোৰে মুখৰ হাঁহি, ভালপোৱা বা আনন্দক নাইকীয়া কৰিব নোৱাৰে।

এই ভিডিও টো এতিয়া সকলোৰে ভাইৰেল হৈ পৰিছে আৰু অসংখ্যজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বহুতে কয় আপোনাৰ যদি শক্তিশালী মন থাকে, তেন্তে আপোনাক কোনো মহামাৰীয়ে ৰখাব নোৱাৰে।