সৌভাগ্যশালী গ্ৰাহকৰ বাবে Dalmia Cement ৰ DSP Dhalai Bonanza অফাৰ

সৌভাগ্যশালী গ্ৰাহকৰ বাবে Dalmia Cement ৰ DSP Dhalai Bonanza অফাৰ

February 22, 2021 0 By NEWS DESK

Dalmia Cement ৰ গ্ৰাহকৰ বাবে বিশেষ পুৰস্কাৰ

দেশৰ অগ্ৰণী চিমেন্ট কােম্পানীসমূহৰ মাজত অন্যতম Dalmia Cement (ডালমিয়া চিমেন্ট)-এ সৌভাগ্যৱান গ্ৰাহকসকলৰ বাবে ঘােষণা কৰিছে বিশেষ পুৰস্কাৰ।

DSP Dhalai Bonanza নামৰ বিশেষ অফাৰৰ জৰিয়তে গ্ৰাহকৰ বাবে এই সুৱৰ্ণ সুযােগ আগবঢ়াইছে কােম্পানীটােৱে।

বিগত ১ ফেব্ৰুৱাৰীৰ পৰা কােম্পানীটােৱে আৰম্ভ কৰা এই বিশেষ অফাৰ অহা ৩১ মাৰ্চলৈ অব্যাহত থাকিব বুলি ঘােষণা কৰিছে কােম্পানীটােৱে।

এই অফাৰত অংশ ল’বলৈ Dalmia DSP Cement নিৰ্ধাৰিত সংখ্যক বস্তা ক্ৰয় কৰা গ্ৰাহকসকলে সংশ্লিষ্ট ডীলাৰৰ ওচৰত নিজৰ নাম আৰু পঞ্জীয়ন নম্বৰ দাখিল কৰিব লাগিব।

ইয়াৰ পাছতে গ্ৰাহকজনৰ ম’বাইলত ওৱান টাইম পাছৱৰ্ড (OTP) প্ৰেৰণ কৰিব কােম্পানীটােৱে। এইদৰে পঞ্জীয়নভুক্ত গ্ৰাহকসকলে লাকী ড্ৰ’ত অংশগ্ৰহণৰ বাবে যােগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে এই লাকী ড্ৰ’ত বিজয়ী দুজন সৌভাগ্যৱান গ্ৰাহকে লাভ কৰিব হােণ্ডা চিডি-১১੦ মটৰচাইকেল (Honda CD-110 Motor Cycle)।

ডালমিয়া চিমেন্টৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক্ কৰক।