চাওক আপােনাৰ দৈনিক ৰাশিফল (Horoscope)

দৈনিক ৰাশিফল (Horoscope): ২০ মাৰ্চ, দেওবাৰ

মেষ ৰাশি- আজি আপুনি আনক সহায় কৰিবলৈ নিজেই সমস্যাত পৰিব পাৰে। বেংক সম্পৰ্কীয় লেনদেনত গুৰুত্ব দিয়া প্ৰয়োজন। আজি আপুনি কেৱল অচিনাকি লোকৰ পৰাই নহয় বন্ধুবৰ্গৰ পৰাও সাৱধান হ’ব লাগিব। ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ। দাম্পত্য জীৱন মধুৰ হ’ব। পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব।

বৃষ ৰাশি- আজি আপুনি গোটেই দিনটো সতেজ অনুভৱ কৰিব। আপোনাৰ চৌদিশৰ ধৰ্মীয় কাৰ্যকলাপে আপোনাৰ মনত ইতিবাচক প্ৰভাৱ পেলাব। আপুনি এটা ডাঙৰ ব্যৱসায়িক সংস্থাৰ সৈতে নিয়োজিত হোৱাৰ সুযোগ লাভ কৰিব পাৰে। উপাৰ্জনৰ পথ মুকলি হ’ব। কলা ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ সুযোগ পাব। মানুহে আপোনাৰ সৃষ্টিশীলতাৰ প্ৰশংসা কৰিব। পৰিয়ালৰ সৈতে ধৰ্মীয় স্থানলৈ যাব পাৰে। পত্নীৰ স্বাস্থ্যৰ যতন লওক।

মিথুন ৰাশি- আজি মানসিকভাৱে আপুনি শক্তিশালী হ’ব। পৰিকল্পনা কৰি থকা কাম আজি সম্পূৰ্ণ হৈ উঠিব পাৰে। সমান বৃদ্ধি পাব। বন্ধুৰ দ্বাৰা লাভাৱাম্বিত হ’ব। ব্যৱসায়ীসকলৰ ব্যৱসায় আৰু উপাৰ্জন বৃদ্ধি পাব। ঘৰুৱা জীৱন আনন্দদায়ক হ’ব। স্বাস্থ্যৰ যতন লওক। দাম্পত্য জীৱনত প্ৰেম বৃদ্ধি পাব। শিশুৰ পৰা লাভ কৰা কোনো খবৰে মনত আনন্দ দিব পাৰে।

কৰ্কট ৰাশি- সম্ভৱ হ’লে দীঘলীয়া ভ্ৰমণত যোৱা পৰিহাৰ কৰক। দীঘলীয়া ভ্ৰমণে আপোনাক শাৰিৰীকভাৱে অসুস্থ কৰি তুলিব পাৰে। ৰিয়েল ইষ্টেট আৰু বিত্তীয় লেনদেনৰ বাবে আজিৰ দিনটো শুভ। মাতৃৰ পৰা সমৰ্থন লাভ কৰিব। সামাজিক স্থানত মিতভাষী হ’বলৈ যত্ন কৰক। পত্নীৰ অসুস্থতাই চিন্তিত কৰিব পাৰে। আজি আপুনি গ্ৰহণ কৰা সিদ্ধান্ত লাভজনক প্ৰমাণিত হব।

সিংহ ৰাশি- আজি আপুনি সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক ভালদৰে বজাই ৰখা উচিত। চাকৰি বিচাৰি থকা যুৱক-যুৱতীসকলে এটা ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। আজি আপুনি গাড়ী চলোৱাৰ সময়ত অলপ সাৱধান হ’ব লাগিব। ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে জড়িত সকলে আজি লাভ বৃদ্ধি কৰিবলৈ সক্ষম হব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে দিনটো শুভ।

কন্যা ৰাশি- আজি আপুনি আপোনাৰ নতুন কামত এজন ঘনিষ্ঠ জ্ঞানী ব্যক্তিৰ সহায় ল’ব পাৰে, আপুনি নিশ্চিতভাৱে লাভান্বিত হ’ব। এটা স্থবিৰ কাম সম্পূৰ্ণ হ’ব। আপুনি বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ী সকলে ধন বিনিয়োগ কৰাৰ পূৰ্বে কিছু চিন্তাচৰ্চা কৰা ভাল। শাসকতন্ত্ৰৰ সমৰ্থন লাভ কৰিব। আইনী কামত সফলতা লাভ কৰিব পাৰে। যিকোনো দীৰ্ঘদিনীয়া সমস্যা আঁতৰি যাব।

তুলা ৰাশি- যদি আপুনি উপাৰ্জন বৃদ্ধিৰ উৎস বিচাৰি আছে, সুৰক্ষিত অৰ্থনৈতিক প্ৰকল্পত বিনিয়োগ কৰক। আপুনি কিছুমান ভাল খবৰ পাব পাৰে, যি কেৱল আপুনিই নহয়, আপোনাৰ পৰিয়ালকো সুখী কৰিব। খং আৰু আবেগ নিয়ন্ত্ৰণ কৰক। কথা কওতে মাৰ্জিত হওক। প্ৰিয়জনৰ সৈতে মতানৈক্য ঘটিব পাৰে। পিতৃ-মাতৃৰ পৰা সমৰ্থন লাভ কৰিব। শৈক্ষিক কাৰ্যৰ সৈতে জড়িত সকলে সফলতা লাভ কৰিব পাৰিব।

বৃশ্চিক ৰাশি- মনেৰে ভাৱি থকা কোনো কাৰ্য আজি বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ী সকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। চাকৰিয়াল সকলৰ পদোন্নতিৰ যোগ আছে যদিও কাৰ্যালয়ত বিষয়াৰ সৈতে মতানৈক্য ঘটিব পাৰে। নতুন বাহন ক্ৰয় কৰিব পাৰে। আপুনি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰতো সকলো ভাল হ’ব।

ধনু ৰাশি- ঘৰলৈ এজন বন্ধুৰ আগমণ ঘটিব পাৰে। আকস্মিকভাৱে উপাৰ্জন বৃদ্ধিৰ উৎস বিকশিত হ’ব পাৰে। চাকৰিটোত বিষয়াসকলৰ সৈতে মত পাৰ্থক্য থাকিব। সাহস, বীৰত্ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটোৱে আপোনাক বহুতো নতুন অভিজ্ঞতা প্ৰদান কৰিব। ব্যৱসায়ী সকলে শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিব পাৰে। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হব। ভাতৃৰ সহযোগিতা লাভ কৰিব।

মকৰ ৰাশি- আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি কিছু উন্নত হ’ব। নিবনুৱা সকলে সংস্থাপনৰ সন্ধান পাব পাৰে। সমান্তৰালভাৱে আজি ঘৰুৱা ব্যয় বৃদ্ধি পাব। পাৰিবাৰিক সমস্যাই আজি আপোনাক মানসিকভাৱে হতাশ কৰি তুলিব পাৰ। হঠাৎ কোনো পুৰণি বন্ধুক লগ পাব পাৰে। দাম্পত্য জীৱন সুখৰ হব।

কুম্ভ ৰাশি- দীৰ্ঘদিন ধৰি চলি থকা মাটি-বাৰীৰ সমস্যাৰ আজি সমাধান হ’ব। চাকৰিয়াল সকলে ভ্ৰমণ কৰিবলগা হ’ব পাৰে। কাৰ্যালয়ত আজি বিষয়াই আপোনাৰ কামৰ প্রশংসা কৰিব। অৰ্থনৈতিকভাৱে আজি আপুনি শক্তিশালী হব। সমান্তৰালভাৱে গৃহ সজ্জাৰ নামত ধন ব্যয় কৰিব লাগিব পাৰে। ব্যৱসায়ী সকলে নতুন বিনিয়োগৰ বিষয়ে চিন্তা কৰিব পাৰে। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

মীন ৰাশি- আজি আপুনি আনক টকা ধাৰলৈ দিয়া পৰিহাৰ কৰক। ধৰ্মীয় কাৰ্যত ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধনতা বৰ্তাই ৰাখি আজি বাহিৰত আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। পৰিয়ালৰ সৈতে মতানৈক্য ঘটিব পাৰে। ভুল বুজাবুজিৰ বাবে পত্নীৰ সৈতেও আজি আপোনাৰ কাজিয়া হব পাৰে। খং নিয়ন্ত্ৰণ কৰক। শৈক্ষিক আৰু বৌদ্ধিক কামৰ সৈতে জড়িত সকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হব।

Leave a Comment