চাওক আপােনাৰ দৈনিক ৰাশিফল (Horoscope)

দৈনিক ৰাশিফল (Horoscope): ২৫ মাৰ্চ, শুকুৰবাৰ

মেষ ৰাশি- কথা কোৱাৰ সময়ত আৰু বিত্তীয় লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। পত্নীৰ কামৰ প্ৰশংসা কৰিলে সদ্ভাৱ বৃদ্ধি পাব। সৃষ্টিশীল কামত নিয়োজিত লোকসকলৰ বাবে এইদিনটো সফলতাৰে পৰিপূৰ্ণ হব। আজি আপুনি কৰা কামৰ জৰিয়তে খ্যাতি আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হব। ব্যৱসায়ী সকলৰ বাবে দিনটো অনুকুল হব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- মনটো সৃষ্টিশীল কামৰ সৈতে নিয়োজিত হৈ থাকিব। ভুল বুজাবুজিৰ সৈতে আজি আপোনজনৰ সৈতে আপোনাৰ সংঘাত হব পাৰে। সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে ভালদৰে বিবেচনা কৰি লওক। খং আৰু আবেগ নিয়ন্ত্ৰণ কৰক। পত্নীৰ স্বাস্থ্যৰ প্ৰতি কিছু চকু দিয়াটো আজি ভাল। ব্যৱসায় সংক্ৰান্তীয় কাৰণত আপুনি ভ্ৰমণ কৰিবলগা হ’ব পাৰে। আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হ’লেও অত্যাধিক ব্যয়ে আৰ্থিক সমস্যাত পেলাব পাৰে, সেয়ে সাৱধান হওক।

মিথুন ৰাশি- কৰ্মক্ষেত্ৰত অত্যাধিক কামৰ হেঁচাই আজি আপোনাক মানসিকভাৱে ব্যতিব্যস্ত কৰি তুলিব পাৰে। সংযমতা বৰ্তাই নাৰাখিলে আজি সামাজিক স্থানত আপুনি অপমানিতও হব পাৰে। যদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তেন্তে পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰামৰ্শ আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। আপুনি নিৰ্ধাৰিত সময়ত আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। স্বাস্থ্যৰ যত্ন লওঁতে ক্ষতিকাৰক খাদ্য গ্ৰহণ নকৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আত্মবিশ্বাস হ্ৰাস হব। যাৰ সুযোগ গ্ৰহণ কৰি শত্ৰুৱে আপোনাৰ অনিষ্ট সাধনৰ চেষ্টা কৰিব পাৰে। আপুনি পূৰ্বে গ্ৰহণ কৰা কোনো সিদ্ধান্তই আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণত বাধাৰ সৃষ্টি কৰিব পাৰে। সামাজিক স্থানত উপস্থিত থাকোতে স্ব-সংযত হওক আৰু খং পৰিহাৰ কৰক। আৰ্থিক সীমাবদ্ধতাৰ বাবে, কিছুমান গুৰুত্বপূৰ্ণ কাম মাজতে আবদ্ধ হৈ পৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

সিংহ ৰাশি- আজি আপুনি চাকৰিটোৰ সৈতে সম্পৰ্কিত কিছুমান ভাল খবৰ পাব পাৰে। ই আপোনাৰ বিত্তীয় পৰিস্থিতি যথেষ্ট উন্নত কৰিব। আপুনি আজি কোনো নতুন ব্যক্তিক লগ পাব পাৰে। যাৰ পৰা আপুনি আৰ্থিকভাৱেও লাভাৱাম্বিত হব। ব্যৱসায় সম্প্ৰসাৰণৰ যোগ আছে। চাকৰিয়াল সকলৰ বাবেও দিনটো শুভ। পত্নীৰ সৈতে কোনো কাৰণত মতানৈক্য ঘটিব পাৰে। পৰিয়ালত কোনো মাংগলিক কাৰ্য অনুষ্ঠিত হব পাৰে।

কন্যা ৰাশি- আজি আপুনি দৃঢ়তা আৰু মনোযোগেৰে কৰা সকলো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হব। আপুনি শৈক্ষিক কামতো সফলতা লাভ কৰিবলৈ সক্ষম হব। ব্যৱসায়ত লাভ বৃদ্ধি হব। বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে আজিৰ দিনটো অতি শুভ বিবেচিত হব। কথা কওতে মাৰ্জিত হওক। দূৰ ভ্ৰমণ কৰিবলগা হব পাৰে। অৱশ্যে এই ভ্ৰমণত আপুনি আৰ্থিক সমস্যাৰো সন্মুখীন হবলগীয়া হব পাৰে। পত্নীৰ সৈতে মতভেদ থাকিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- সম্পত্তিক লৈ পৰিয়ালৰ মাজত বিবাদ হ’ব পাৰে। সিদ্ধান্ত গ্ৰহণ কৰোতে শীতল মগজুৰে ভাৱি চিন্তি লওক। আইনী হস্তক্ষেপ লাভজনক নহ’ব। বাহন আদি ক্ৰয় কৰাৰ যোগ আছে। আনৰ প্ৰৰোচনাৰ বলি হব পাৰে, সেয়ে সাৱধান হৈ থাকক। আনৰ সৈতে কাজিয়া, তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়ত অনুকুল পৰিৱেশ থাকিব। বৈবাহিক জীৱনত কিছু বিশৃংখলতাৰ সৃষ্টি হব পাৰে।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। আপোনাৰ মনলৈ কিছুমান নতুন চিন্তা আহিব। যাতে আপুনি কম কাম কৰিব লাগিব আৰু আপুনি কিবা নতুন চেষ্টা কৰিব। আপুনি এটা নতুন কাম আৰম্ভ কৰিবলৈ অতি আগ্ৰহী হ’ব। আজি আপুনি সমাজৰ যিকোনো বিষয়ত আপোনাৰ দৃষ্টিভংগী আনৰ সন্মুখত ৰাখিব পাৰে। যাৰ প্ৰভাৱ কিছুমান লোকৰ ওপৰত স্পষ্টভাৱে দৃশ্যমান হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। পিতৃৰ স্বাস্থ্যৰ যতন লওক।

ধনু ৰাশি- আজি ভাগ্যই আপোনাক সম্পূৰ্ণ সমৰ্থন দিব। কাৰ্যালয়ত আপোনাৰ প্ৰদৰ্শন আজি বহুত ভাল হ’ব। জ্যেষ্ঠসকলে আপোনাৰ কাম দেখি সুখী হ’ব। আজিৰ দিনটো সামাজিক আৰু ধৰ্মীয় কামৰ বাবে এক উৎকৃষ্ট দিন। আপোনাৰ আভ্যন্তৰীণ সৃজনশীলতাই এক নতুন ৰূপ দিবলৈ সক্ষম হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ পৰা বঞ্চিত হব পাৰে। শিক্ষাৰ্থীসকলে আজি এটা নতুন পাঠ্যক্ৰমত যোগদান কৰিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- আপুনি আন কাৰোবাৰ অৱহেলাৰ ফল ভুগিব লাগিব পাৰে। ব্যৱসায়ত লোকচানৰ সন্মুখীন হব পাৰে। উপাৰ্জন হ্ৰাস হোৱাৰ বিপৰীতে অধিক ব্যয়ে আপোনাক আজি আৰ্থিক সমস্যাতো পেলাব পাৰে। হঠাৎ এজন পুৰণি বন্ধুৰ ঘৰলৈ আগমণ ঘটিব পাৰে। শিল্পকৰ্মৰ সৈতে জড়িত সকলে আজি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হব। দাম্পত্য জীৱনত কিছু কন্দল থাকিব। নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব।

কুম্ভ ৰাশি- আজি আপোনাৰ ইতিবাচক চিন্তাই আপোনাক সুফল প্ৰদান কৰিব। ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। ব্যৱসায়ত যদি বিনিয়োগৰ কথা চিন্তা কৰি আছে, তেন্তে আজি সেয়াও পৰিহাৰ কৰক। সংগীত, সাহিত্যৰ সৈতে জড়িত সকলৰ বাবে আজিৰ দিনটো শুভ। সামাজিক মৰ্যাদা বৃদ্ধি পাব। অপ্ৰয়োজনীয় তৰ্কৰ পৰা আঁতৰি থাকক। ভ্ৰমণ কৰিবলগীয়া হব পাৰে।

Leave a Comment