Sat. Oct 31st, 2020
cyber fraud

দিব্যজ্যােতি ৰাজখােৱা। বিমান, ৰেল বা গাড়ীৰ টিকট বাতিল কৰোঁতে সাৱধান হওঁক।

আপুনি হৈ যাব পাৰে ছাইবাৰ অপৰাধীৰ লক্ষ্য।

হৰলুকি হ’ব পাৰে আপােনাৰ সাঁচতীয়া সমস্ত ধন।

অলপতে তেনে এক ঘটনাই হল কাশ্মীৰৰ বৰামূল্লা জিলাত।

জিলাখনৰ উৰি অঞ্চলৰ এজন ব্যক্তিয়ে নিজৰ বিমানৰ টিকট বাতিল কৰি হেৰুৱাইছিল নিজৰ বেংক একাউণ্টৰ ৫ লাখ ৪৫ হাজাৰ টকা।

ব্যক্তিজনে এয়াৰ ইণ্ডিয়াৰ নিজৰ এটা বুকিং টিকট কৰ্তন কৰিবলৈ গুগলত বিচাৰিছিল এটা হেল্প লাইন নম্বৰ।

এটা নম্বৰ লাভ কৰি তেওঁ সংযোগ স্থাপন কৰি বাৰ্তালাপ কৰিছিল নম্বৰটোত।

ব্যক্তিজনে নিজৰ বাতিল কৰা টিকটৰ মূল্য বিচাৰিছিল।

তাৰ পিছতেই তেওঁলৈ এটা ফোন আহিল। ক’লে যে তেওঁৰ পাব লগা ভাৰাৰ মূল্য ঘূৰাই পাব গুগল পে’(Google Pay) ৰ দ্বাৰা।

সেয়েহে তেওঁ AnyDesk নামৰ এটা মোবাইল এপ ডাউনলোড কৰিব লাগিব।

কথামতেই ব্যক্তিজনে কৰি গ’ল সকলো। কিন্তু ঘূৰাই নাপালে এটকাও, বৰঞ্চ মূহুৰ্তৰ ভিতৰতে নিজৰ একাউণ্টত থকা সমস্ত পইচা হেৰুৱালেহে।

ততাতৈয়াকৈ ব্যক্তিজনে আৰক্ষীক ফোন যোগে সমস্ত কথা অৱগত কৰে।

আৰক্ষী অধীক্ষক টাহিৰ আশ্ৰফে তাৎক্ষণিক ভাৱে পদক্ষেপ লয়।

আৰক্ষী অধীক্ষক টাহিৰ আশ্ৰফ

অনুসন্ধানত UPI transaction trace কৰি ১৪ টা transaction ৰে টকাখিনি CC AVENUE, Paytm দ্বাৰা উধাও কৰাৰ তথ্য ধৰা পেলায়।

যিটো কাম কৰে আমেৰিকাৰ Melot Technologies Pvt LTD এ।

আৰক্ষীয়ে আৰু লেন-দেন কৰিব নোৱাৰাকৈ ব্ল’ক কৰি দিয়ে Transaction ৰ বাবে ব্যৱহাৰ কৰা একাউণ্ট সমূহ।

আৰু আৰক্ষীয়ে ছাইবাৰ অপৰাধীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় টকাখিনি।