ভুৱা একাউন্টৰ পৰা সাৱধান! চাইবাৰ অপৰাধীৰ লক্ষ্য ফেচবুক

ভুৱা একাউন্টৰ পৰা সাৱধান! চাইবাৰ অপৰাধীৰ লক্ষ্য ফেচবুক

July 7, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। আপুনি হয়তো বহুত চাইবাৰ অপৰাধীৰ কথা শুনিছে। কিন্তু এইবাৰ শুনক এক বেলেগ চাইবাৰ অপৰাধীৰ ঘটনা।

ঘটনাৰ স্থান নতুন দিল্লী। দিল্লীৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত এজন ব্যক্তি বলি হ’ল চাইবাৰ অপৰাধীৰ।

ঘটনা অনুসৰি, ভুক্তভোগী ব্যক্তিজনে তেওঁৰ অফিচৰ জ্যেষ্ঠ বিষয়া এজনৰ ফেচবুক একাউণ্টৰ পৰা মেচেজ লাভ কৰে যে বিষয়াজনৰ পত্নী চিকিৎসালয়ত আছে, তাৰ বাবে তেওঁক ৫০ হাজাৰ টকা প্ৰয়োজন।

নিজৰ বিষয়াৰ পৰা তেনে খবৰ লাভ কৰি ব্যক্তিজনে অলপো নভবাকৈ বিষয়াজনে দিয়া paytm ৰ নম্বৰত জমা দিয়ে সেই ধন।

পৰৱৰ্তী সময়ত বিষয়াজনৰ লগত কথা পতাতহে পোহৰলৈ আহে প্ৰকৃত ঘটনা।

লগে লগে তেওঁ নিশ্চিত হল যে তেওঁ চাইবাৰ অপৰাধৰ বলি হ’ল।

ততাতয়াকৈ ভুক্তভোগী ব্যক্তিজনে আৰক্ষীক সমগ্ৰ ঘটনা বিৱৰি কয় আৰু গোচৰ দিয়ে।

আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

ঘটনা সন্দৰ্ভত ৰাকেশ কুমাৰ নামৰ এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে।

ধৃত ব্যক্তিজনে আৰক্ষীক সদৰি কৰা অনুসৰি তেওঁলোকে বিষয়াজনৰ নামত ভুৱা ফেচবুক একউণ্ট আৰু paytm একাউণ্ট খুলি সৰকালে সমস্ত টকা।

ধৃত ব্যক্তি ৰ ঘৰ উত্তৰ প্ৰদেশৰ মথুৰাৰ বুলি জানিব পৰা গৈছে।