CRPF ৰ শীৰ্ষ পদত নিযুক্ত অসম সন্তান এছ এল থাওছেন

নিউজ ডেস্ক। ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) জ্যেষ্ঠ বিষয়া অসম সন্তান সুজয় লাল থাওছেনক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ চমুকৈ চি আৰ পি এফৰ নতুন সঞ্চালক প্ৰধানৰূপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে সম্প্ৰতি সশস্ত্ৰ সীমা বাহিনী চমুকৈ এছ এছ বিৰ ৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে থাওছেনে।

CRPF ৰ শীৰ্ষ পদত নিযুক্ত অসম সন্তান এছ এল থাওছেন 3

ইয়াৰ লগতে তেওঁ ইণ্ড’ তিব্বত বৰ্ডাৰ পুলিচ চুমকৈ আই টি বি পিৰ সঞ্চালক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

ইপিনে, আই টি বি পিৰ নতুন সঞ্চালক প্ৰধানৰূপে আনিশ দয়াল সিঙক নিযুক্তি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Fd yUkrXEAAowjr
CRPF ৰ শীৰ্ষ পদত নিযুক্ত অসম সন্তান এছ এল থাওছেন 4

প্ৰণিধানযোগ্য যে, অসমৰ ডিমা হাচাও জিলাৰ হাফলঙৰ নিৱাসী ড০ এছএল থাওছেন ১৯৮৮ বেটছৰ মধ্য প্ৰদেশ কেডাৰৰ আইপিএছ বিষয়া।

শুকুৰবাৰে আই পি এছ বিষয়া কুলদীপ সিঙে অৱসৰ গ্ৰহণ কৰাৰ পাছত চি আৰ পি এফৰ ডি জি পদটো খালী হয়।