CRPF-ৰ নিযুক্তি পৰীক্ষাত জালিয়াতি, পৰীক্ষাত আনক অৱতীৰ্ণ কৰোৱা ৯ জনক গ্ৰেপ্তাৰ…

গুৱাহাটীৰ নমাইলস্থিত CRPF-ৰ শিবিৰত SSCয়ে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত ওলাইছে ইজনৰ পিচত সিজন ভুৱা প্রার্থী।
পৰীক্ষাত আনক অৱতীৰ্ণ কৰোৱা ৯ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ।
গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থীকেইগৰাকী হ’ল, বিষ্টুৰাম নাৰ্জাৰী, ডেটচাং আফৰামহাৰি, মিঠুন বসুমতাৰী, বিদম বসুমতাৰী, বিকাশ বসুমতাৰী, জগদীশ বসুমতাৰী, লুইতমা বসুমতাৰী, মাহাইমা খেৰকটাৰী আৰু দেওহাৰ বসুমতাৰী।
বশিষ্ঠ থানাত ৰুজু হোৱা গোচৰমৰ্মে জালিয়াতিত লিপ্ত এই প্রার্থীকেইগৰাকীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। আদালতে অভিযুক্তকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
উল্লেখিত ৯ গৰাকী প্ৰাৰ্থীয়ে চি আৰ পি এফৰ চাকৰিৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাত নিজৰ পৰিবৰ্তে আন প্ৰাৰ্থীক অৱতীৰ্ণ কৰাইছিল।
উল্লেখ্য যে, জালিয়াতিত লিপ্ত এনে চাৰিগৰাকী প্ৰাৰ্থীক শুক্ৰবাৰে চি আৰ পি এফে আটক কৰি আৰক্ষীক চমজাই দিছিল।
গ্ৰেপ্তাৰ হোৱা কেইজন ক্ৰমে- সুবনাৰ বসুমতাৰী, লাওগা ব্ৰহ্ম, সমজিৎ নাৰ্জাৰী আৰু বিলাৰ বসুমতাৰী। আটাইকেইজনে শাৰীৰিক পৰীক্ষাত নিজৰ পৰিৱৰ্তে আন প্ৰাৰ্থীক অৱতীৰ্ণ কৰাইছিল।
চি আৰ পি এফৰ সহকাৰী অধিনায়ক এগৰাকীৰ এজাহাৰৰ ভিত্তিত যোৰাবাট আৰক্ষী চকীয়ে এই প্রার্থীকেইজনক গ্ৰেপ্তাৰ কৰিছে।