নিউজ ডেস্কঃ চিআৰপিএফৰ সঞ্চালকপ্ৰধানৰূপে দায়িত্ব গ্ৰহণ অসম সন্তান, মধ্যপ্ৰদেশ কেডাৰৰ জ্যেষ্ঠ আইপিএছ বিষয়া ড০ সুজয়লাল থাউচেনৰ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে থাউচেনক চিআৰপিএফৰ নতুন সঞ্চালকপ্ৰধান পদত নিযুক্তি প্ৰদান কৰিছিল।

উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাফলঙৰ সুযোগ্য সন্তান এছএল থাউচেনক চিআৰপিএফৰ সঞ্চালকপ্ৰধানৰ দায়িত্ব প্ৰদানৰ বিপৰীতে অনীশ দয়াল সিঙক প্ৰদান কৰা হৈছিল আইটিবিপিৰ সঞ্চালকপ্ৰধানৰ দায়িত্ব।
১৯৮৮ চনৰ আইপিএছ বিষয়া এছ এল থাউচেন বৰ্তমান এছএছবিৰো সঞ্চালকপ্ৰধান ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।
তদুপৰি থাউচেনে পূৰ্বে এছ পি জি, বি এছ এফ আৰু আই পি টি এফ আদিৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছে।