Sat. Oct 31st, 2020
mosquito covid

ইন্টাৰনেশ্যনেল ডেস্ক। এজন কৰণা আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আন এজন ব্যক্তি আহিলে তেওঁৰো কৰণাত আক্ৰান্ত হোৱাৰ আশংকাই অধিক।

গতিকে তেনে ব্যক্তিৰ সংস্পৰ্শলৈ যাতে কোনো আহিব নোৱাৰে তাৰ বাবে স্বাস্থ্য অথবা গৃহ মন্ত্ৰালয়ে কমেও ৬ ফুট দূৰত্বৰ নিয়ম মানি চলিবলৈ আহ্বান জনাইছে।

কিন্তু যদি কৰণাত আক্ৰান্ত ৰোগীক কামোৰা মহে আপোনাক কামোৰে আপুনিও কৰণাত আক্ৰান্ত হব নেকি? এই শংকাই আছিল সকলোৰে মনত।

কিন্তু আপুনি ভয় কৰাৰ নিষ্প্ৰয়োজন। তেনে মহে আপোনাক কামুৰিলেও আপুনি আক্ৰান্ত নহয় কৰণাত।

কানসাছ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে প্ৰমাণ কৰিছে এই কথা।

Nature Scientific Report ত প্ৰকাশ পাইছে এই তথ্য।

ডেংগু বা জণ্ডিছ ৰোগক মহে আন ব্যক্তিলৈ যিমান সহজে বিয়পাব পাৰে, কিন্তু কৰণা ভাইৰাছক ব্যক্তিৰ তেজত সিমান সহজে সংক্ৰমিত কৰিব নোৱাৰে।

Kansas State University Biosecurity Research Institute ৰ সঞ্চালক ষ্টিফেন হিগে কয় যে কৰণা ভাইৰাছত থকা SARS-CoV-2 ক মহে সংক্ৰমণ কৰিব নোৱাৰে।

যাৰ বাবে ই নিশ্চিত যে ই অসংক্ৰমিত।

কিন্তু হিগে এইটোও কয় যে ডেংগু বা জণ্ডিছ ৰোগ ৰ দৰে শৰীৰত ভাইৰাছৰ পৰিমাণ অধিক থাকিলে মহৰ দেহটো ভাইৰাছ সংক্ৰমিত হব পাৰে।

কিন্তু সকলো মহৰ দেহত ই সংক্ৰমিত নহয়।

উদাহৰণ দি তেওঁ কয় এডেছ এজিপ্ত মহে ডেংগু বিয়পাই যদিও এনোফেলিছ বা কিউলেক্স মহে বিয়পাব নোৱাৰে। ঠিক তেনেদৰে এডেছ এজিপ্ত, এডেছ এলবোপিক্তুচ মহে ডেংগু, জাইকা, জণ্ডিছ ৰোগ বিয়পাব পাৰে।