আচৰিত ! প্লাষ্টিকেৰে মেৰিয়াই অ’টোত উঠাই লৈ যোৱা হ’ল কৰ’ণা সংক্ৰমিত মৃতদেহ…

আচৰিত ! প্লাষ্টিকেৰে মেৰিয়াই অ’টোত উঠাই লৈ যোৱা হ’ল কৰ’ণা সংক্ৰমিত মৃতদেহ…

July 12, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- কৰ’ণাৰ আতংকৰ মাজতে এখন বিশেষ ভাইৰেল ফটো ।

যিখন ফটোৱে এতিয়া দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা ।

যিসময়ত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোক সকলক মৃতকক পৰিয়ালৰ পৰাও আতঁৰত ৰাখিহে শেষকৃত্য সমাপন কৰা হৈছে । তেনে সময়তে অ’টোত অতি অসাৱধানতাৰে প্লাষ্টিকেৰ্ কঢ়িয়াই লৈ যোৱা এখন ফটোই এতিয়া চৌদিশে চৰ্চা লাভ কৰিছে ।

এই ঘটনা সংঘটিত হৈছে দক্ষিণ ভাৰতৰ তেলেংগানাত নিজামাবাদ চহৰত ।

এম্বুলেঞ্চৰ পৰীৱৰ্তে কৰণা সংক্ৰমিত মৃতদেহ কবৰস্থানলৈ লৈ যোৱা হৈছে অ’টোৰে ।

মৃতদেহ কঢ়িয়াই নিয়া সকলে পৰিধান কৰা নাই কোনো পি পি ই কিট ।

 অ’টো চালকে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নকৰাকৈ কেৱল প্লাষ্টিকৰ সহায়ত মৃতদেহ ঢাকি লৈ যোৱা পৰিলক্ষিত হৈছে ।